অসমআঞ্চলিকদৈনিক বাতৰি

ঘৰখনত কান্দোনৰ ৰোল উঠিছে, নিমাতীঘাটত সন্ধানহীন হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ সন্ধান ওলাল বিশ্বনাথত

লখিমপুৰৰ নাওবৈচাত থকা ইন্দ্ৰেশ্বৰ বৰাৰ বাসগৃহত সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ

অৱশেষত সন্ধান ওলাল নিমাতীঘাট ফেৰী দুৰ্ঘটনাত সন্ধানহীন হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ। বিশ্বনাথ ঘাটত উৱলি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো।

শনিবাৰে পুৱতি নিশা কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ ভাচা তাপুৰ বালিচৰত পানীত ওপঙি থকা মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে। মৃত ব্যক্তিজনৰ জেপত সোমাই থকা নথিৰ লগতে আঙুলিত পিন্ধি থকা ‘J'(জান) আঙুঠিৰ পৰা মৃতদেহটো নিখোজ হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে, শুকুৰবাৰে বিশ্বনাথ ঘাটত উদ্ধাৰ হৈছিল ইন্দ্ৰেশ্বৰ বৰাৰ বেগ। বেগটোৰ পৰা উদ্ধাৰ কৰা হৈছিল জান বৰা ওৰফে ইন্দ্ৰেশ্বৰ বৰাৰ কিছু নথি-পত্ৰ। ইতিমধ্যে, মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰা হৈছে মৃতদেহ।

ইন্দ্ৰেশ্বৰ বৰাৰ মৃত্যুৰ খবৰ শুনি শোকত ম্ৰিয়মান হৈ পৰিছে পৰিয়ালবৰ্গ। লখিমপুৰৰ নাওবৈচাত থকা ইন্দ্ৰেশ্বৰ বৰাৰ বাসগৃহত সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ। পুত্ৰৰ ফটোত সাবটি কান্দি কান্দি বাউলি হৈ পৰিছে মাতৃ। বুধবাৰে, নিমাতীঘাটৰ পেৰী দুৰ্ঘটনাত পত্নীক বচাবলৈ গৈ ভৰালুইতৰ সোঁতত উটি গৈছিল ইন্দ্ৰেশ্বৰ বৰা।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.