Covid-19আন্তঃৰাষ্ট্ৰীয়

আইশ্ব’লেচনত লিঅনেল মেছি, দুখ প্ৰকাশ কৰিলে অনুৰাগীয়ে

উল্লেখ্য যে, ক'ভিডত আক্ৰান্ত হোৱাৰ পূৰ্বে মেছিয়ে খ্ৰীষ্টমাছৰ উৎসৱত অংশ লৈছিল। বহুকেইটা পাৰ্টীলৈ যোৱাৰ লগতে DJ নাইটলৈও গৈছিল মেছি।

ক’ভিডত আক্ৰান্ত ফুটবল তাৰকা লিঅনেল মেছি। কেৱল মেছিয়েই নহয়, পেৰিছ ছেইন্ট জাৰ্মান দল(PSG)ৰ আন চাৰিজন খেলুৱৈও আক্ৰান্ত হৈছে ক’ভিডত। দেওবাৰে এই কথা সদৰী কৰে ফ্ৰেন্স লীগ ওৱান ক্লাবএ।

বৰ্তমান আৰ্জেন্টিনাতে আইশ্বলেছনত আছে খেলুৱৈগৰাকী। সোমবাৰে ভেনিছত অনুষ্ঠিত হ’বলগীয়া ফ্ৰেন্স কাপ মেটছত খেলুৱৈসকলে খেলিবলৈ পাবনে নাপাব সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই।

উল্লেখ্য যে, ক’ভিডত আক্ৰান্ত হোৱাৰ পূৰ্বে মেছিয়ে খ্ৰীষ্টমাছৰ উৎসৱত অংশ লৈছিল। বহুকেইটা পাৰ্টীলৈ যোৱাৰ লগতে DJ নাইটলৈও গৈছিল মেছি।

অৱশ্যে মেছিৰ দেহত কেনেকৈ আৰু কাৰ পৰা ক’ভিড সংক্ৰমণ হ’ল সেয়া এতিয়াও পোহৰলৈ অহা নাই। পিছে প্ৰিয় খেলুৱৈগৰাকী ক’ভিডত আক্ৰান্ত হোৱাত এতিয়া দুখ প্ৰকাশ কৰিছে অনুৰাগীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.