Covid-19দিল্লীভাৰত

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল কোভিড পজিটিভ

টুইটযোগে এই কথা জনাইছে কেজৰিৱালে

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল কোভিড পজিটিভ। টুইটযোগে এই কথা অৱগত কৰাইছে কেজৰিৱালে। তেওঁ নিজৰ সংস্পৰ্শলৈ অহা লোকসকলক কোভিড টেষ্ট কৰিবলৈ অনুৰোধ জনাইছে।

মুখ্যমন্ত্ৰীগৰাকী OMICRONৰ দ্বাৰা সংক্ৰমিত হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
২০২১ চনৰ ডিচেম্বৰ মাহত কেজৰিৱালে পঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাৰ দৰে ঠাইত নিৰ্বাচনমুখী প্ৰচাৰৰ বাবে পৰিদৰ্শন কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, দিল্লীত যোৱা সপ্তাহৰ পৰা কোভিড সংক্ৰমণ বৃদ্ধি হৈছে। দিল্লীয়ে ৩ জানুৱাৰী, ২০২২ তাৰিখে ৪,০৯৯টা নতুন কোভিড-১৯ৰগোচৰ পঞ্জীয়ন কৰিছে আৰু তাৰ লগে লগে দিল্লীত কোভিড পজিটিভিতিৰ হাৰ ৬.৪৬শতাংশলৈ বৃদ্ধি পাইছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.