ভাৰত

নাৱৰীয়াই প্ৰাণ বচালে উটি অহা ২১ দিনীয়া কেঁচুৱাৰঃ গংগাত অঘটন

কাঠৰ বাকচত উটি অহা কেঁচুৱাটি উদ্ধাৰ কৰিলে এজন নাৱৰীয়াই

অবিশ্বাস্য হ’লেও এটি সঁচা ঘটনা। পিতৃ-মাতৃৰ কঠোৰ বাঞ্ছাৰ বলি হৈ গংগা নদীত উটি আহিল এটি ২১ দিনীয়া দেৱশিশু।  কাঠৰ বাকচত উটি অহা কেঁচুৱাটি উদ্ধাৰ কৰিলে এজন নাৱৰীয়াই।

এটা কাঠৰ বাকচত ৰঙা কাপোৰেৰে মেৰিয়াই পঠিওৱা কেঁচুৱাটিৰ কান্দোন শুনি উদ্ধাৰ কৰিছিল গুল্লু চৌধাৰী নামৰ নাৱৰীয়াজনে। হিন্দু দেৱ-দেৱীৰ ফটো সন্নিৱিষ্ট বাকচটোত আছিল কেঁচুৱাটিৰ জন্ম কুণ্ডলীসহ এখন কাগজ, য’ত কেঁচুৱাটি ‘গংগাৰ জীয়ৰী’ বুলি উল্লেখ কৰা আছিল।

তিতি জুৰুলি-জুপুৰি হোৱা কেঁচুৱাটিক আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। চিকিৎসা প্ৰদানৰ পাছত কেঁচুৱাটিক আশ্ৰয় শিবিৰলৈ প্ৰেৰণ কৰা হ’ব বুলি জনায় আৰক্ষীয়ে।

গংগা নদীৰ বুকুৰ পৰা কেঁচুৱাটিক উদ্ধাৰ কৰি মানৱীয়তাৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰাৰ বাবে নাৱৰীয়া গুল্লু চৌধাৰীক এতিয়া প্ৰশংসাৰে ওপচাই পেলাইছে সকলোৱে। তেওঁৰ কৰ্মত আপ্লুত হৈ এটি ঘৰ উপহাৰ দিয়াৰ লগতে পুৰস্কাৰেৰে পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.