অসমদৈনিক বাতৰিবিজ্ঞানবিশ্বভাৰত

চন্দ্ৰযান-৩ৰ গুৰু দায়িত্বত অসম সন্তান চয়ন দত্ত

চন্দ্ৰযান-৩ৰ গুৰু দায়িত্বত অসম সন্তান চয়ন দত্ত

চন্দ্ৰযান-৩ৰ অভিযানত অসম সন্তান চয়ন দত্ত। 14 জুলাইত শ্ৰী হৰিকোট্টাৰ পৰা উৎক্ষেপন কৰিব লগা চন্দ্ৰযান -3 ৰ উপ প্ৰকল্প সঞ্চালক হিচাপে দায়িত্ব লাভ কৰিছে উত্তৰ লখিমপুৰৰ  চয়ন দত্তই ।

সমগ্ৰ দেশ আৰু ৰাজ্যখনৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মুহূৰ্তৰ সূচনা কৰিবলগীয়া চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ অভিযান পৰিচালনা কৰিব এজন অসমীয়া অভিযান্ত্রিক বিজ্ঞানীয়ে। তেওঁক এই ব্যৱস্থাৰ উপসঞ্চালক হিচাপে ইতিমধ্যে নিয়োগ কৰা হৈছে।

উল্লেখযোগ্য যে,এই বিজ্ঞানীজন হৈছে উত্তৰ লখিমপুৰ নগৰৰ সন্তান চয়ন দত্ত। মহাকাশ বিভাগৰ ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰত বিজ্ঞানী,অভিযন্তা হিচাপে কৰ্মৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্রনিক্স আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ প্ৰাক্তন ছাত্ৰ দত্তৰ ওপৰত ন্যস্ত হৈছে “অন বর্ড কমাণ্ড টেলিমেট্ৰি, ডাটা হেণ্ডলিং এণ্ড ষ্ট’ৰেজ চিষ্টেম । লেণ্ডাৰ, চন্দ্ৰয়ান-৩ ৰ উপ প্রকল্প সঞ্চালকৰ দায়িত্ব।

উল্লেখ্য যে ‘কমাণ্ড এণ্ড ডাটা হেণ্ডলিং চিষ্টেম হৈছে মূলতঃ অর্বিটাৰৰ মগজু আৰু ই মহাকাশযানৰ সকলো কাৰ্য নিয়ন্ত্ৰণ কৰে। দেশৰ তৃতীয় চন্দ্র অভিযান চন্দ্রযান-৩ খন দেশৰ মহাকাশ গৱেষণা সংস্থাই (ইছৰো) ল ভেহিকেল মার্ক-১৩ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ গবেষণা কেন্দ্ৰৰ পৰা অহা ১৪ জুলাইত উৎক্ষেপণ কৰাৰ পৰিকল্পনা কৰা হৈছে ।

সমগ্ৰ বিশ্বৰে দৃষ্টি নিৱদ্ধ হোৱা এই অভিযানৰ অতি গুৰুত্বপূৰ্ণ দায়িত্বত নিয়োজিত হোৱা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজ্ঞানী দত্তই কয়, “এই দায়িত্ব নিষ্ঠাৰে ৰূপায়ন কৰিবলৈ পাই ম‍ই ধন্য হোৱাৰ লগতে সংশ্লিষ্ট সকলোকে কৃতজ্ঞতা জনাইছো। এই অভিযান আমাৰ দেশ আৰু বিশ্বৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি ৰূপে চিহ্নিত হৈ ৰব ।”

উল্লেখযোগ্য যে, বিজ্ঞানী দত্ত আৰু সমগ্ৰ দলটোক শুভেচ্ছা জনাই তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক শম্ভুনাথ সিঙে কয় যে, এই মহত্বপূৰ্ণ অভিযানৰ প্রক্রিয়াই মহাকাশ অন্বেষণৰ প্ৰতি দেশৰ দায়বদ্ধতা উন্মোচিত কৰাই নহয়, লগতে দেশৰ ভিতৰৰ ব্যতিক্ৰমী প্ৰতিভা আৰু পাৰদৰ্শিতাকে৷ উজ্জ্বলাই তুলিছে। সমগ্ৰ দেশ, অসমবাসী, আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ লগতে লখিমপুৰ জিলাৰ বাবেও এয়া এক গৌৰৱৰ মুহূৰ্ত বুলিও তেওঁ উল্লেখ কৰে ৷

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.