Assamleatest update

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বিধায়ক শ্বেৰমান আলী আহমেদ।

অখিল গগৈৰ সৈনিক হিচাপেও কাম কৰিবলৈ প্ৰস্তুত বুলি ঘোষণা বিধায়কগৰাকীৰ।

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ। উচ্ছেদিত লোকৰ কাষত থিয় দিয়া আৰু ন্যায়ৰ বাবে মাত মতাৰ বাবে অখিল গগৈক প্ৰশংসা বিধায়ক শ্বেৰমান আলী আহমেদৰ। অখিল গগৈৰ সৈনিক হিচাপে কাম কৰিবলৈ প্ৰস্তুত বুলি ঘোষণা বিধায়কগৰাকীৰ।

কংগ্ৰেছ আৰু AIUDF দলৰ বিকল্প হিচাপে সংখ্যালঘু ৰাইজক অখিল গগৈ আৰু ৰাইজৰ দলক সমৰ্থন কৰাৰ আহ্বান জনায় বিধায়ক শ্বেৰমান আলী আহমেদ। সংখ্যালঘু অঞ্চলত ভেঁটি উছন হোৱাৰ ভয়তে কংগ্ৰেছে অখিল গগৈৰ লগত মিত্ৰতা কৰিবলৈ দ্বিধাবোধ কৰি আছে বুলিও বিস্ফোৰক মন্তব্য বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদৰ।

উল্লেখযোগ্য যে অমানৱীয় উচ্ছেদ আৰু ভবিষ্যতে অসমৰ মুছলমানৰ ৰাজনৈতিক অৱস্থান সন্দৰ্ভত ফেচবুক লাইভৰ জৰিয়তে আলোচনা কৰোঁতে বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদে এই মন্তব্য কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.