Covid-19অসম

২ কোটিৰো অধিক লোকক ক’ভিড ভেকচিন প্ৰদানত সফল অসম চৰকাৰ

ৰাজ্যৰ ২ কোটি লোকক ক'ভিড ভেকচিন প্ৰদান অভিযানৰ অধীনত সামৰি ল'বলৈ সক্ষম হ'ল অসম চৰকাৰৰ স্বাস্থ্য বিভাগ

অসমত ক’ভিড ভেকচিন প্ৰদানৰ সফল অভিযান। ভেকচিন প্ৰদানৰ ক্ষেত্ৰত সফল ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰে অতিক্ৰম কৰিলে ভেকচিন প্ৰদানৰ আন এক মাইলৰ খুটি।

ৰাজ্যৰ ২ কোটি লোকক ক’ভিড ভেকচিন প্ৰদান অভিযানৰ অধীনত সামৰি ল’বলৈ সক্ষম হ’ল অসম চৰকাৰৰ স্বাস্থ্য বিভাগ। ভাৰত চৰকাৰৰ Cowin পৰ্টেলৰ তথ্য অনুসৰি, আজি বিয়লি ৰাজ্যত প্ৰথম পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যাই অতিক্ৰম কৰিলে ২ কোটিৰ সীমা।

আনহাতে, আজি বিয়লি ৩.৩০ বজালৈকে ৰাজ্যৰ ৭৬,০৬,৩৩৭ গৰাকী লোকে দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে। ইয়াকে ধৰি ৰাজ্যবাসীৰ মাজত আজিলৈকে মুঠ ২,৭৬,০৯,৯৬০ পালি ক’ভিড ভেকচিন প্ৰদান কৰিলে স্বাস্থ্য বিভাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.