ভাৰতৰাজনৈতিক

লাভ সিং উগোকে, পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চান্নীক পৰাভূত কৰা কোন এইজন ব্যক্তি?

মাত্ৰ দ্বাদশ শ্ৰেণীলৈকে শিক্ষাগ্ৰহণঁ কৰা লাভ সিঙে ম'বাইল ফোন মেৰামতিৰ এবছৰীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি পৰৱৰ্তী সময়ত নিজৰ গাঁৱতে মুকলি কৰে এখন মেৰামতিৰ দোকান। যদিও এই দোকানখন তিনিমাহ ধৰি বন্ধ হৈ আছে।

বৃহস্পতিবাৰে ঘোষণা হ’ল দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। পঞ্জাৱ বিধানসভা নিৰ্বাচনত এইবাৰ কংগ্ৰেছক পৰাভূত কৰি AAPৰ যাদু কী ঝপ্পি। পঞ্জাৱৰ ১১৭টা বিধানসভা সমষ্টিত ৯২টা সমষ্টি দখলেৰে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে সৃষ্টি কৰিলে চমক।

 

নিৰ্বাচনত পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চান্নীক পৰাভূত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে পঞ্জাৱৰ এজন সাধাৰণ ব্যক্তি। ধনবল আৰু বাহুবলৰ ৰাজনীতিৰ মাজত এজন ব্যতিক্ৰম প্ৰাৰ্থী। আম আদমী পাৰ্টীৰ লাভ সিং উগোকে এতিয়া সকলোৰে মাজত চৰ্চিত এটা নাম। পিছে কোন এইজন ব্যক্তি?

লাভ সিং উগোকে, পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চান্নীক পৰাভূত কৰা কোন এইজন ব্যক্তি?

AAPৰ বিজয়ী প্ৰাৰ্থী, ৩৫ বছৰীয়া লাভ সিং উগোকেৰ জন্ম হৈছিল ১৯৮৭ চনত। লাভ সিঙৰ পিতৃ এজন শ্ৰমিক আৰু মাতৃ এখন বিদ্যালয়ৰ চাফাই কৰ্মচাৰী। মাত্ৰ দ্বাদশ শ্ৰেণীলৈকে শিক্ষাগ্ৰহণঁ কৰা লাভ সিঙে ম’বাইল ফোন মেৰামতিৰ এবছৰীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি পৰৱৰ্তী সময়ত নিজৰ গাঁৱতে মুকলি কৰে এখন মেৰামতিৰ দোকান। যদিও এই দোকানখন তিনিমাহ ধৰি বন্ধ হৈ আছে।

 

২০১৩ চনতে আম আদমী পাৰ্টীত যোগ দিয়ে লাভ সিঙে। তেখেতৰ নিজা সম্পত্তিৰ তালিকাত আছে ২০১৪ চনতে ক্ৰয় কৰা এখন হিৰো হোণ্ডা মটৰচাইকেল। এসময়ত AAPৰ স্বেচ্ছাসেৱকৰ কাম কৰা লাভ সিঙে ভাদৌৰ লোকসভা সমষ্টিৰ পৰা পঞ্জাৱৰ মুখ্যমন্ত্ৰী চান্নীৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ সুযোগ লাভ কৰে। এই লাভ সিঙৰ হাতত প্ৰায় ৩৭ হাজাৰ ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চান্নীয়ে।

https://twitter.com/SudhirRTI/status/1501868162735697922

এসময়ৰ স্বেচ্ছাসেৱক এতিয়া এজন বিধায়ক। পূৰ্বে কোনো লোকৰে দৃষ্টিগোচৰ নোহোৱা, পঞ্জাৱৰ লাভ সিং উগোকেৰ নাম এতিয়া বাতৰিকাকতৰ শিৰোনাম হৈ পৰিছে। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক হৰুওৱাটো ইমান সহজ নহয়। এই কথাই প্ৰমাণ কৰিলে যে, ৰাজনীতিত কেৱল ধনবল, বাহুবলেই সৰ্বস্ব নহয়, দলৰ যদি সাংগঠনিক ভেটি মজবুত হয়, জনতাৰ হৃদয় যদি জিনিব পাৰি তেন্তে সকলোৰে জয় নিশ্চিত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + thirteen =

Check Also
Close
Back to top button