আন্তঃৰাষ্ট্ৰীয়প্ৰতিৰক্ষাভাৰতৰাজনৈতিকৰাষ্ট্ৰীয় সুৰক্ষা

ভাৰততেই লুকাই আছে নেকি হাছিনা!

সন্দেহ বাংলাদেশৰ !

ক’ত আছে পলাতক শ্বেখ হাছিনা? অস্বস্তিত প্ৰাক্তন বাংলাদেশৰ প্ৰধান মন্ত্ৰী। ভাৰততেই লুকাই আছে নেকি হাছিনা! সন্দেহ বাংলাদেশৰ !
২০২৫ চনৰ ৫ আগষ্টত বাংলাদেশৰ হাছিনা চৰকাৰ বিৰুদ্ধে ব্যাপক গন বিক্ষোভ হোৱাৰ পিছত শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি কোনো এক অজ্ঞাত স্থানত আশ্ৰয় লয়। সম্পূৰ্ণ এটা বছৰ পলাতক হাছিনাক বাংলাদেশ চৰকাৰে বিচাৰ-খোচাৰ কৰিও কোনো সম্ভেদ নাপালে। অৱশ্যে বাংলাদেশে সন্দেহ কৰে যে পলাতক হাচিনা চুবুৰীয়া ৰাষ্ট্ৰ ভাৰততে আত্মগোপন কৰি আছে । হাছিনাক আশ্ৰয় প্ৰদান কৰা সন্দৰ্তভ কোনো কথা এতিয়ালৈকে ভাৰত চৰকাৰে সদৰি কৰা নাই।
বাংলাদেশৰ আদালতে ইতিমধ্যে মৃত্যুদণ্ড বিহিছে শ্বেখ হাছিনাক। স্বদেশত মৃত্যুদণ্ড বিহা হাছিনাক ভাৰতত দিছে আশ্ৰয়।
বিপাঙত বাংলাদেশৰ ন্যায়লয়। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পলাতক শ্বেখ হাছিনাৰ অৱস্থিতি সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কেইদিনমান পূৰ্বে এক বিবৃতিত কয় যে, “হাছিনা ভাৰতত থকা নথকা বিষয়টো হাছিনাৰ ওপৰত নিৰ্ভৰশীল। বৰ্তমান পৰিস্থিতি সলনি হৈছে, সেয়ে এই বিষয়টো মানৱীয় দৃষ্টিভংগীৰে চোৱা হৈছে। প্ৰশ্ন উত্থাপন হৈছে কিমান বৈধ আন্তজাৰ্তিক ৰাজনৈতিক ৰক্ষণাবেক্ষণ। বৰ্তমানৰ বাংলাদেশ চৰকাৰে হাছিনাক প্ৰত্যাৰ্পণ কৰাৰ বাবে কূটনৈতিক ভাবে ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। বাংলাদেশৰ যুক্তি হাছিনা যিহেতু অপৰাধত দোষী সাব্যস্ত হোৱা অপৰাধী। সেয়ে তেওঁক বাংলাদেশলৈ ওভতাই পঠিয়াব লাগে।”
বাংলাদেশৰ ছাত্ৰ আন্দোলন কঠোৰ দমনমূলক নীতিৰে মষিমূৰ কৰাৰ বাবে চৰকাৰী তথ্য মতে হাছিনা চৰকাৰে সৰ্বমুঠ ১৪০০ শিশুসহ পুৰুষ-মহিলা হত্যা কৰিছিল। ই এক অক্ষমনীয় অপৰাধ আৰু এই অপৰাধৰ শাস্তি মৃত্যুদণ্ড বুলি দাবী কৰিছে বাংলাদেশে!
নৰহত্যা, নিৰ্যাতন, উচটনি আৰু কেইবাটাও গোচৰ হাছিনাৰ বিৰুদ্ধে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল হাছিনাৰ উপস্থিতি অবিহনে জানো সম্ভৱ এই আইনী প্ৰক্ৰিয়া? হাছিনাৰ প্ৰত্যাৰ্পন এতিয়া এক বিৰাট প্ৰত্যাহ্বান বাংলাদেশৰ তদানীন্তন চৰকাৰৰ বাবে।
হাছিনাৰ বিৰুদ্ধে কফিনৰ শেষ গজাল। একালৰ হাছিনাৰ সহযোগী প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান চৌধুৰী আব্দুল অল-মামুনে আদালতত নিজৰ সমস্ত দোষ স্বীকাৰ কৰি হাছিনাৰ বিৰুদ্ধে ৰাজসাক্ষী হৈছে।
এই পৰিপ্ৰেক্ষিতত ভাৰতে কি স্থিতি গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 12 =

Back to top button