AssamCMO AssamHimanta Biswa Sarmaleatest updatenationalPMo indiapolitical

অসমত ১১,৬০০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

খানাপাৰাৰ পৰাই ২৪ৰ নিৰ্বাচনৰ ৰণডংকা বজালে প্ৰধানমন্ত্ৰী মোদীয়ে...

খানাপাৰাৰ খেলপথাৰত সম্পন্ন হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভা। জনসমুদ্ৰত পৰিণত হ’ল খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ। ৰিম’টৰ ছুইচ টিপি ১১,৬০০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে। অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অনুষ্ঠানত অংশগ্ৰহণ কৰে আন কেইবাগৰাকীও মন্ত্ৰী-সাংসদ-বিধায়কে।

অসমত ১১,৬০০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

খানাপাৰাৰ পৰাই ২৪ৰ নিৰ্বাচনৰ ৰণডংকা বজালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেইবাটাও প্ৰকল্পৰ আধাৰশিলা-শিলান্যাস PMৰ। অসমীয়াতে ভাষণ আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে লগতে গুৱাহাটীবাসীৰ আশীৰ্বাদ আৰু শুভেচ্ছাক কৃতজ্ঞতা দিলে PMএ। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে কয়-‘অযোধ্যাৰ পিছতেই মা কামাখ্যাৰ ভূমিলৈ আহিছো। কামাখ্যা প্ৰকল্প উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ’ল। কামাখ্যা কেৱল দৰ্শনস্থলীয়েই নহয়। হাজাৰ বছৰীয়া ইতিহাস, সভ্যতাৰ অমৃত সাক্ষ্য। মা কামাখ্যা কৰিডৰ হোৱাৰ লগে লগে পৰ্যটনৰ সংখ্যা বাঢ়িব। এই কৰিডৰে ৰাম মন্দিৰসদৃশ পৰিৱেশ সৃষ্টি কৰিব। উত্তৰ-পূবত পৰ্যটকৰ প্ৰচূৰ সম্ভাৱনা আছে ।’

অসমত ১১,৬০০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

‘উত্তৰ-পূবৰ লগতে টুৰিষ্টহাবলৈ পৰ্যবসিত কৰিব গুৱাহাটীক। পূৰ্বে হিংসাৰ বাবে উত্তৰ-পূবলৈ পৰ্যটক অহা নাছিল। ১০ বছৰত বহু ঐতিহাসিক স্থান আধুনিকীকৰণ কৰা হৈছে। আজি অসমত ৬খনৰ পৰা ১২খন মেডিকেল কলেজ হৈছে। অসমত এতিয়া কৰ্কট ৰোগৰ চিকিৎসা কেন্দ্ৰ হৈছে। উত্তৰ-পূবৰ বিকাশৰ বাবে এই সুবিধা কৰা হৈছে। অসমৰ উপাসনা কেন্দ্ৰসমূহৰ আধুনিকীকৰণ কৰা হৈছে। আজি দেশত পৰ্যটন আৰু তীৰ্থযাত্ৰাৰ পৰিসৰ বৃদ্ধি হৈছে। ১২ দিনত ২৪ লাখ ভক্তই দৰ্শন কৰিলে অযোধ্যা। অসমতো সেই দৃশ্য দেখাৰ আশা কৰিছো। এইবাৰ বাজেটত আমি পৰ্যটনৰ ক্ষেত্ৰত গুৰুত্ব দিম। বিকাশ হ’বলগীয়া খৰচ চাৰিগুণ বৃদ্ধি কৰিছো।’

অসমত ১১,৬০০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

মোদীৰ ভাষণত লাখপতি বাইদেউৰ প্ৰসংগ। দেশত বৰ্তমান ১ কোটি লাখপতি বাইদেউ হৈছে। ২ কোটি বাইদেউক লাখপতি বনোৱাৰ লক্ষ্য চৰকাৰৰ। বিদ্যুতৰ বিল শূন্য কৰাৰ চেষ্টা কৰা হৈছে। অসমত এতিয়া শান্তি বিৰাজমান। অস্ত্ৰ ত্যাগ কৰি মূল সুতিলৈ উভতিছে যুৱক-যুৱতী। ভাৰতক সৰ্বৱৃহৎ অৰ্থনৈতিক শক্তি কৰাৰ লক্ষ্য PMৰ। বৰ্তমান অভিলেখসংখ্যক পৰ্যটকৰ আগমন ঘটিছে অসমলৈ। ২০৪৭লৈ ভাৰতক বিকশিত ৰাষ্ট্ৰ কৰাৰ লক্ষ্য প্ৰধানমন্ত্ৰীৰ।

অসমত ১১,৬০০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − five =

Back to top button