- Dhyan Chand Khel Ratna Award
- Rajiv Gandhi Khel Ratna Award
- Indian Sports
সলনি কৰা হ’ল খেলৰত্ন বঁটাৰ নাম। এতিয়াৰে পৰা এই বঁটা মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা নামৰে জনা যাব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে ঘোষণা কৰে এই কথা। দেশৰ বিভিন্ন লোকৰ পৰামৰ্শ মৰ্মে এই পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে।
দেশৰ সৰ্বোচ্চ সন্মানিত খেলৰ বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ নাম সলনি কৰা হ’ল। মেজৰ ধ্যানচান্দৰ নামেৰে নামাকৰণ কৰা হ’ল ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ নাম।
I have been getting many requests from citizens across India to name the Khel Ratna Award after Major Dhyan Chand. I thank them for their views.
Respecting their sentiment, the Khel Ratna Award will hereby be called the Major Dhyan Chand Khel Ratna Award!
Jai Hind! pic.twitter.com/zbStlMNHdq
— Narendra Modi (@narendramodi) August 6, 2021
টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, “খেল ৰত্ন বঁটাক মেজৰ ধ্যানচান্দৰ নামেৰে নামাকৰণ কৰাৰ বাবে দেশৰ নাগৰিকসকলে মোক অনুৰোধ জনাইছিল। তেওঁলোকৰ আৱেগক সন্মান জনাই খেল ৰত্ন বঁটাৰ নাম ধ্যান চান্দৰ নামেৰে নামাংকৃত কৰা হ’ল।
জয় হিন্দ!”
লগতে ভাৰতীয় হকীৰ যাদুকৰ ধ্যানচান্দৰ অৱদানকো স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে।
