অসম

বেলেগতকৈ অলপ বেলেগ; এটা ঘৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে এখন এৰোপ্লেন!

আনকি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে নিজেই প্ৰত্যক্ষ কৰিছিল এই ব্যতিক্ৰমী ঘৰটো ৷ পিছে কি বিশেষত্ব আছে এই ঘৰটোৰ

এটা বিশেষ ঘৰ ৷ এই ঘৰটো এতিয়া হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ৷ ঘৰটো প্ৰত্যক্ষ কৰিবলৈ দৈনিক ভিৰ কৰে দৰ্শনাৰ্থীয়ে ৷ আনকি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে নিজেই প্ৰত্যক্ষ কৰিছিল এই ব্যতিক্ৰমী ঘৰটো ৷ পিছে কি বিশেষত্ব আছে এই ঘৰটোৰ।

বেলেগতকৈ অলপ বেলেগ; এটা ঘৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে এখন এৰোপ্লেন!

বাক্সা জিলাৰ শিমলাৰ এই বিশেষ ঘৰটোৱে এতিয়া হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ কাৰণ ঘৰটোৰ ওপৰত নিৰ্মাণ কৰা হৈছে এখন এৰোপ্লেন৷ সেয়ে এৰোপ্লেনখন চাবলৈ সোঁত বয় দৰ্শণাৰ্থীৰ ৷ ঘৰটো নিৰ্মাণ কৰি উলিয়াইছে শিমলাৰ এগৰাকী ব্যক্তিয়ে। ব্যক্তি গৰাকীৰ নাম তৰণী সেন বডোচা ৷ তেওঁ এগৰাকী অৱসৰী শিক্ষক। নিজৰ পেঞ্চনৰ ধনেৰে নিৰ্মাণ কৰি উলিয়াইছে এই ব্যতিক্ৰমী ঘৰটো।

অৱসৰী শিক্ষক তৰণী চৰণ বড়োৱে জানিব দিয়া মতে গাঁও অঞ্চলৰ ল’ৰা- ছোৱালীয়ে দেখা নাপায় এৰোপ্লেন ৷ সেয়ে গাঁওৰ ল’ ৰা- ছোৱালীক এৰোপ্লেন দেখুৱাৰ বাবে নিজৰ ঘৰৰ ওপৰতে এনেদৰে এৰোপ্লেন নিৰ্মাণ কৰিছে তৰণী চৰণ বড়োৱে৷ আনকি বিটিচিৰ ভূতপূৰ্ৱ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে নিজেই প্ৰত্যক্ষ কৰিছিল ব্যতিক্ৰমী ঘৰটো ৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − ten =

Back to top button