Internationalleatest updateSocial

ৰাছিয়াত পুনৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ

আক্ৰমণত নিহত ৫ জন আৰক্ষী বিষয়াসহ ১৫ জন লোক

ৰাছিয়াত পুনৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। দেশখনৰ ধৰ্মীয় স্থানত ডাগেস্তানত আক্ৰমণ সন্ত্ৰাসবাদীৰ। দুটা ছিনেগগ আৰু দুটা অৰ্থডক্স গীৰ্জাত ধাৰাসাৰ গুলীবৰ্ষণ। এদল সন্ত্ৰাসবাদীয়ে অতৰ্কিতে আক্ৰমণ চলায় ধৰ্মীয় স্থানকেইটাত।আক্ৰমণত নিহত ৫ জন আৰক্ষী বিষয়াসহ ১৫ জন লোক। নিহতসকলৰ মাজত আছে এজন অৰ্থডক্স গীৰ্জাৰ পাদুৰী। আক্ৰমণস্থলীত বসবাস প্ৰাচীন ইহুদী সম্প্ৰদায়ৰ। তেওঁলোকে এতিয়াও অৰ্থডক্স খ্ৰীষ্টান পৰম্পৰাত বিশ্বাসী।

সম্প্ৰতি তাত চলি আছে পেণ্টকোষ্ট নামৰ উৎসৱ। মূলতঃ প্ৰাৰ্থনাৰ বাবে একাধিক লোক আহিছিল ছিনেগগলৈ। তেতিয়াই ক’লা কাপোৰ পিন্ধা বন্দুকধাৰীয়ে চলায় আক্ৰমণ। ইছলামিক সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰাৰ সন্দেহ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.