অসমশিক্ষাসাহিত্য

কিতাপ কিনিবলৈ ১০০০ টকা

কি কিতাপ কিনিব

বৰ্তমান অসমৰ গ্ৰন্থ উদ্যোগৰ এক পয়ালগা অৱস্থা। ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰিলে, পিছে অসমীয়া কিতাপৰ সমাদৰ যেন নোহোৱা হৈ পৰিল। ডিজিটেল পৃথিৱীত কিতাপ এখন হাতত তুলি লোৱাৰ প্ৰৱণতা নাইকিয়া হোৱাৰ দৰে হ’ল। তেনে সময়তে ২০২৫ বৰ্ষটো গ্ৰন্থ বৰ্ষ হিচাপে কৰা ঘোষণাই আশাৰ বতৰা আনিছে। ইয়াৰ লগত সংগতি ৰাখি গ্ৰন্থবৰ্ষ উপলক্ষে অসম চৰকাৰে প্ৰতিজন চৰকাৰী কৰ্মচাৰীলৈ কিতাপ কিনিবলৈ ১০০০ টকা আগবঢ়াইছে যাতে গ্ৰন্থ উদ্যোগক জীয়াই তুলিব পাৰে। বৰ্তমান সময়ত কিতাপৰ পৃথিৱীৰ সৈতে খুব কম সংখ্যক মানুহহে জড়িত হৈ আছে। ৮০% ব্যক্তিৰেই চাগৈ দূৰ দূৰলৈকে কিতাপৰ সৈতে সম্পৰ্ক নাই। বহুতো ব্যক্তিৰ ইচ্ছা থাকিলেও পঢ়িবলৈ সময় নাই। এতিয়া যিহেতু ১০০০ টকা কিতাপৰ বাবে প্ৰদান কৰিছে, যি খিনি টকা কিতাপ নিকিনিলে পিছৰ মাহত ঘূৰাই দিব লাগিব। গতিকে সকলো কিতাপ কিনিবলৈ বাধ্য। ই হয়তো গ্ৰন্থ উদ্যোগক পুনৰ জীয়াই তোলাত সহায় কৰিব।

পিছে বহুতে হয়তো নাজানে যে কি কিতাপ কিনিব? তেনে ব্যক্তিসকলক এটা অনুৰোধ কৰিম যে আপোনাৰ বাবে নিকিনিলেও অন্তত নিজৰ সন্তান বা ঘৰৰ ওচৰৰ অন্য শিশুৰ হাতত কিতাপ এখন তুলি দি কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব পাৰে। বৰ্তমান অসমৰ গ্ৰন্থ উদ্যোগৰ অৱস্থা অতি শোচনীয়। তাতে শিশু সাহিত্যৰ অৱস্থা অতি পুতৌলগা। গতিকে এই সময়চোৱাত অসমৰ ভৱিষ্যত প্ৰজন্মক কিতাপ পঢ়াৰ প্ৰতি আকৰ্ষিত কৰি তোলাৰ এক সুবৰ্ণ সুযোগ মিলিছে। গতিকে কিছু সংখ্যক শিশু সাহিত্যৰ তালিকা উনুকিয়াব বিচাৰোঁ-

# মৰমৰ দেউতা

#মহাদুষ্টৰ দুষ্ট বুদ্ধি

# শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট

# জীৱন বৃত্ত

কালজয়ী সাহিত্য সম্ভাৰ, যেনে- অলিভাৰ টুইষ্ট, গালিভাৰ ট্ৰেভেলছ
( অসমীয়াত খুব সম্ভৱ শৰাইঘাট প্ৰকাশনৰ
ইয়াৰ ৫০ খন মানৰ অনুবাদ আছে।)

#তত্ত্বচান

#হেৰি পটাৰ

#ফচং

#এৰি অহা দিনবোৰ

কালজয়ী সাধুৰ কিতাপ এই তালিকাত ৰখা নাই।

ইয়াৰ উপৰিও তোষপ্ৰভা কলিতা, যুগল লোচন দাস, ৰঞ্জু হাজৰিকা, বন্দিতা ফুকন, ৰথীন্দ্ৰনাথ গোস্বামী, গগণচন্দ্ৰ অধিকাৰী, দিগন্ত ওজা, মাধুৰিমা ঘৰফলীয়া, শান্তনু তামুলী, দিনেশ চন্দ্ৰ গোস্বামী আদিৰ শিশু সাহিত্য চাব পাৰে। আমাৰ দিনত ভাল আছিল ইনকছি নামৰ সিংহৰ কাহিনী, জেচন, উৰণীয়া মানুহ, চিচিং নামৰ নিগনিটোৰ কাহিনী মৌচাকৰ পাততেই পঢ়িবলৈ পাইছিলো। এইখিনি গ্ৰন্থৰূপে প্ৰকাশ পালেনে নাই নাজানো। বিকাশ বৰুৱাৰ “ইনকছি” নামৰ সিংহটোৰ কাহিনী কিতাপ হিচাপে ওলোৱা উচিত।

ইয়াৰ উপৰিও উপন্যাস হিচাপে –

#ধন্য নৰ তনু ভাল

#বেলি মাৰ গ’ল

#নৈ বৈ যায়

#যাকেৰি নাহিকে উপাম

#মহাৰথী

#কায়কল্প

#মৎস্যগন্ধা

#কথা ৰত্নাকৰ

#সেহি গুণ নিধি

#বাঘশাল বাঘজাল আৰু মানুহ

#এই সময় সেই সময়

#মোৰ জীৱন সোঁৱৰণ

#মোৰ সত্য অন্বেষণৰ কাহিনী

# গঙা চিলনীৰ পাখি

#দেওলাংখুই

#নাংফা

#জীৱন জীৱন বৰ অনুপম

#ফেৰেংগাদাও

#ফেলানী

#অভিযাত্ৰী

#মৃত্যুঞ্জয়

#ঈয়াৰুইঙ্গম

#ৰংমিলিৰ হাঁহি

#উচ্চাকাংক্ষা

#মৌন ওঁঠ মুখৰ হৃদয়

#কবৰ আৰু কংকাল

#ৰূপ তীৰ্থৰ যাত্ৰী

#সেই নদী নিৰৱধি

#আশীৰ্বাদৰ ৰং

#গৰমা কুঁৱৰী

#নাংফা

#সেউজী পাতৰ কাহিনী

#এধানি মাহীৰ হাঁহি

#সাউদৰ পুতেকে নাও মেলি যায়

#দঁতাল হাতীৰ উঁয়ে খোৱা হাউদা

#মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস

#নীলকণ্ঠী ব্ৰজ

#ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্প সমগ্ৰ

ইত্যাদি কিতাপ সমূহত এখন সমাজ, এখিনি সময় প্ৰতিফলিত হৈছে। এনে ধৰণৰ কিতাপ সমূহৰ জৰিয়তে ভাষা আৰু শব্দৰ ব্যৱহাৰ শিকাৰ লগতে বহুতো নজনা কথা জানিব পাৰিব।

এইখিনিৰ ওপৰিও নতুনকৈ প্ৰকাশিত

#জঙাল

#বকুল ফুলৰ দৰে

#দেওৱানদেউ

#ভুৱনেশ্বৰী

#গমধৰ

#লা-চিত

#ঢোলৰ ছেৱত লামছিমা

#ৰঙ্গিলা দালানৰ মাটি

#বৰৰজা প্ৰমথেশ্বৰী

#লাইধন খা

#বঙল বহু দূৰ

#চাৰিশাল গোঁসানীৰ তেজ

#মেঘৰ সাধু

#সোমনাথ (অনুবাদ গ্ৰন্থ)

#মাউৰ

#কালদিয়া পাৰৰ গোঁসানী

#অপাৰেচন ব্লুষ্টাৰ

#হৰদেং

#জছনাৰ ঝিটাছ

#মোৰো এটা সপোন আছিল

ইত্যাদি

ইয়াত কিশোৰ কিশোৰীৰ পৰা সকলোৱে জীৱনত এবাৰ পঢ়িবলগীয়া অসমীয়া উপন্যাসৰ বিষয়ে উল্লেখ কৰিছোঁ। এই উপন্যাস সমূহে এখিনি সময় ধৰি ৰাখিছে। য’ত কাহিনীৰ আমেজৰ লগতে এখন সমাজৰ উমান পাব। অসমীয়া ভাষাত বৰ্তমান প্ৰচলিত নোহোৱা বহুতো শব্দৰ বিষয়েও জানিব পাৰিব। অসীমত যাৰ হেৰাল সীমা বা তেনে কিতাপ অন্তৰ্ভুক্ত কৰা নাই কাৰণ এনে কিতাপ চৰ্চাত থাকে, কিন্তু এই সমূহ কিতাপ চৰ্চাত নাথাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 1 =

Back to top button