অসমআঞ্চলিকখেল

ঘোষণা হ’ল হাউলী ৰাসৰ উপহাৰ কুপন খেলখনৰ বিজেতাৰ নাম। কোনে লাভ কৰিলে AUDI!

বহু প্ৰত্যাশিত হাউলী ৰাসৰ উপহাৰ কুপন খেলৰ ফলাফল ঘোষণা

বৰপেটাৰ হাউলী ৰাস মহোৎসৱৰ বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত উপহাৰ কুপন খেলৰ বিজেতাৰ সকলৰ নাম ঘোষণা হ’ল। বহু প্ৰত্যাশিত হাউলী ৰাস মহোৎসৱৰ  উপহাৰ কুপন খেলৰ প্ৰথম পুৰস্কাৰ বিলাসী বাহন AUDI A4 লাভ কৰিছে উত্তৰ গুৱাহাটীৰ আৰক্ষী বিষয়া জনাৰ্দন বড়োৱে ৷ হাউলী ৰাসৰ উপহাৰ কুপন খেলৰ নৱম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা যুৱকজন বজালী জিলাৰ ভৱানীপুৰৰ শান্তিপুৰৰ জয়ন্ত বৈশ্য৷ নৱম পুৰস্কাৰ হিচাপে জয়ন্ত বৈশ্যই লাভ কৰিছে TATA ALTROZ বাহন এখন৷

 

 

ইয়াৰপূৰ্বেও যুৱকজনে হাউলী ৰাস মহোৎসৱৰ ২০১৯ চনৰ খেলখনৰ চতুৰ্থ পুৰস্কাৰ লাভ কৰিছিল৷ এইবাৰ দুটা টিকট ক্ৰয় কৰা যুৱকজনে আনকি ১০০ টকীয়া টিকটটো ১৫০ টকাত ক্ৰয় কৰিছিল ৷ ২০১৯ চনত চতুৰ্থ পুৰস্কাৰ লাভ কৰা যুৱকজনে সেইবাৰ গাড়ীখন বিক্ৰী কৰি জোতাৰ দোকান এখন আৰম্ভ কৰি এতিয়া স্ব-নিৰ্ভৰশীল হৈ পৰিছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.