দৈনিক বাতৰিভাৰতৰাজনৈতিক

নিৰ্বাচনৰ পূৰ্বে পদত্যাগ কৰি চৰ্চাত গুজৰাটৰ মুখ্যমন্ত্ৰী, পদত্যাগ কৰি প্ৰধানমন্ত্ৰীক কিয় দিলে ধন্যবাদ?

৬৫ বছৰীয়া বিজয় ৰূপানীয়ে ২০১৬ চনৰ ৭ আগষ্টৰ পৰা গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত আছিল

পদত্যাগ কৰিলে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে। শনিবাৰে, মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিলে বিজয় ৰূপানীয়ে। ৰাজ্যপাল আচাৰ্য দেৱৰটৰ হাতত বিজয় ৰূপানীয়ে দাখিল কৰে পদত্যাগ পত্ৰ।

পদত্যাগ কৰাৰ পৰৱৰ্তী সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত, তেওঁলোকৰ বিশ্বাস ভংগ কৰাৰ বাবে ক্ষমা বিচাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিবলৈ সুযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে, ৬৫ বছৰীয়া বিজয় ৰূপানীয়ে ২০১৬ চনৰ ৭ আগষ্টৰ পৰা গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত আছিল। অৱশ্যে নিৰ্বাচনৰ এবছৰ পূৰ্বে বিজয় ৰূপানীয়ে পদত্যাগ কৰাত চৰ্চালৈ আহিছে এই বিষয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + fourteen =

Back to top button