অভিনয়অসমআন্তঃৰাষ্ট্ৰীয়বোলছবিমনোৰঞ্জন

অস্কাৰৰ পদূলিত অসমীয়া চুটি ছবি মোৰ ঘোঁৰাৰ দুৰন্ত গতি

অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে চিত্ৰ পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ ছবি মোৰ 'মোৰ ঘোঁৰাৰ দূৰন্ত গতি’য়ে

অস্কাৰৰ পদূলিত চিত্ৰ পৰিচালক, নিৰ্মাতা মহৰ্ষি তুহিন কাশ্যপৰ ছবি মোৰ ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ (The Horse from Heaven)। অসম সন্তানগৰাকীৰ ১৫ মিনিটৰ অসমীয়া চলচ্চিত্ৰ ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ নামৰ ছুটি ছবিখনে এইবাৰ অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে। এই খবৰ বিয়পি পৰাৰ লগে লগে আনন্দত উৎফুল্লিত হৈ পৰে সমগ্ৰ দেশ। লগতে অভিনন্দনেৰে ওপজাই পেলাই অসম সন্তান তুহিন কাশ্যপক।

 

 

উল্লেখ্য যে, অলপতে হৈ যোৱা বেংগালোৰো আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱত (বিআইএছএফএফ) ভাৰতীয় প্রতিযোগিতাত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে ছবিখনে। যাৰবাবে ছবিখনে অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অর্জন কৰে। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অতুল পাচনীয়ে।

 

 

মোৰ ঘোঁৰাৰ দূৰন্ত গতি’ (The Horse from Heaven) ছবিখন হৈছে এজন মানুহৰ কাহিনী, যিয়ে বিশ্বাস কৰে যে তেওঁৰ ওচৰত পৃথিৱীৰ দ্ৰুততম ঘোঁৰাটো আছে যি চহৰত অনুষ্ঠিত সকলো দৌৰতে জিকিব। কিন্তু প্ৰকৃততে তেওঁৰ ঘোঁৰা নাছিল। ঘোঁৰাৰ সলনি আছিল এটা গাধ।

 

বেংগালোৰো আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱ (বিআইএছএফএফ) হৈছে ভাৰতৰ একমাত্ৰ উৎসৱ যিয়ে চুটি চলচ্চিত্ৰ কল্পকাহিনী শ্ৰেণীত অস্কাৰৰ বাবে আন্তৰ্জাতিক আৰু ভাৰতীয় শাখাত যোগ্যতা লাভ কৰা ছবিসমূহ প্ৰেৰণ কৰিব পাৰে।

 

বিআইএছএফএফ উৎসৱ সঞ্চালক আনন্দ বৰদৰাজে এখন প্ৰমাণপত্ৰত কয়, “আমি সুখী যে মহৰ্ষি কাশ্যপৰ দ্বাৰা পৰিচালিত মোৰ ঘোঁৰাৰ দুৰন্ত গতিয়ে বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱ ২০২২ত ভাৰতীয় প্ৰতিযোগিতা শাখাৰ বিজয়ী আৰু একাডেমী চুটি প্ৰতিযোগিতা শাখাত (কল্পকাহিনী) প্ৰৱেশ হিচাপে যোগ্যতা অৰ্জন কৰিছে।

 

চলচ্চিত্ৰখনৰ লগত জড়িত মুখ্য লোকসকল সত্যজিৎ ৰয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী আৰু ছবিখনৰ দৃশ্যগ্ৰহণ বেছিভাগ ইনষ্টিটিউটৰ চৌহদ আৰু ষ্টুডিঅ’ৰ ভিতৰত কৰা হৈছিল আনহাতে কিছু অংশ কলকাতাত দৃশ্যগ্ৰহণ কৰা হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 5 =

Back to top button