খেল

ডুবাইত আজি কি হ’ব ভাৰতৰ স্থিতি? নিউজিলেণ্ডৰ বিপৰীতে খেলপথাৰত নামিব কোহলী বাহিনী…

উল্লেখ্য যে, শেষবাৰৰ বাবে ভাৰতে ২০০৩ চনৰ এদিনীয়া ৱৰ্ল্ড কাপৰ আইচিচি টুৰ্ণামেণ্টত নিউজিলেণ্ডক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।

নিউজিলেণ্ডৰ সৈতে সমুখ সমৰত ভাৰত। বিৰাট কোহলীৰ নেতৃত্বত আজি ডুবাইৰ খেলপথাৰত ক্ৰিকেটৰ যুঁজত নামিব ভাৰতীয় ক্ৰিকেট দল। ডুবাইত অনুষ্ঠিত হোৱা টি ২০ ক্ৰিকেট বিশ্বকাপ ২০২১ত ভাৰতীয় দলক নেতৃত্ব দিব কেপ্টেইন বিৰাট কোহলীয়ে। আনহাতে, নিউজিলেণ্ডৰ ক্ৰিকেট দলৰ কেপ্টেইন কেন উইলিয়ামচনে দলক নেতৃত্ব দিব।

নিউজিলেণ্ডৰ বিপৰীতে আজি হ’বলগীয়া ভাৰতৰ খেলখন হ’ব যথেষ্ট কঠিন। অন্তিম খেলত পাকিস্তানৰ সৈতে পৰাজয় বৰণ কৰা ভাৰতে আজি নিশা নিউজিলেণ্ডৰ সন্মুখত কি ফলাফল দেখুৱাবলৈ সক্ষম হ’ব সেয়া নিশা ৭.৩০ বজাতহে লক্ষণীয় হ’ব।

উল্লেখ্য যে, শেষবাৰৰ বাবে ভাৰতে ২০০৩ চনৰ এদিনীয়া ৱৰ্ল্ড কাপৰ আইচিচি টুৰ্ণামেণ্টত নিউজিলেণ্ডক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।

ডুবাইত হৈ থকা টি ২০ ক্ৰিকেট ৱৰ্ল্ড কাপখন যথেষ্ট কঠিন আৰু প্ৰতিযোগিতামূলক। ১২টা দলৰ ভিতৰত ৮টা দল আউট হোৱাৰ বিপৰীতে ৪টা টীম চেমি ফাইনেলত প্ৰৱেশ কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.