পৰিৱেশমিজোৰাম

Army’s Bent Toed Gecko: ভাৰতীয় সেনাৰ নামেৰে নামকৰণ কৰা হ’ল মেঘালয়ত উপলব্ধ জেঠীৰ…

দেশমাতৃক সুৰক্ষা দিয়া ভাৰতীয় সেনাৰ নামেৰে নামকৰণ কৰা হৈছে এই সৰীসৃপজাতীয় প্ৰাণীবিধৰ নাম।

জেঠীৰ এক নতুন প্ৰজাতি। উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়ত উপলব্ধ হোৱা জেঠীৰ প্ৰজাতিটো শেহতীয়াকৈ প্ৰত্যক্ষ কৰে এক গৱেষকৰ দলে। মেঘালয়ৰ ৰিভয় জিলাৰ ওমৰয় মিলিটাৰী ষ্টেচনত দেখা পোৱা গ’ল এই জেঠীৰ প্ৰজাতিটো।

 

ভাৰতীয় সেনাৰ নামেৰে নামকৰণ কৰা হৈছে এই জেঠীৰ নাম। দেশমাতৃক সুৰক্ষা দিয়া ভাৰতীয় সেনাৰ নামেৰে নামকৰণ কৰা হৈছে এই সৰীসৃপজাতীয় প্ৰাণীবিধৰ। এই নতুন প্ৰজাতিটোৰ বৈজ্ঞানিক নাম হৈছে-Cyrtodactylus exercitus. এই Exercitusৰ অৰ্থ হৈছে ‘সেনা জোৱান’।

 

স্থানীয়ভাৱে গেক’ নামেৰে চিহ্নিত এই জেঠীটোৰ নাম দিয়া হৈছে-Indian Army’s bent-toed gecko। ভাৰতীয় সেনাৰ নামেৰে এই জেঠীৰ প্ৰজাতিটোৰ নামকৰণ কৰাৰ অৰ্থ হৈছে ভাৰতীয় সৈন্যক সন্মান প্ৰদৰ্শন কৰা, যিসকল সেনা জোৱানে দেশমাতৃৰ সুৰক্ষাৰ স্বাৰ্থত অনবৰত জাগ্ৰত প্ৰহৰী হৈ থাকে।

 

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ সৰীসৃপজাতীয় প্ৰাণীৰ বৈচিত্ৰতাৰ ওপৰত গৱেষণা কৰা এটা গৱেষকৰ দলে মেঘালয় আৰু মিজোৰামত আৱিষ্কাৰ কৰে ben-toed geckoৰ দুটাকৈ নতুন প্ৰজাতি। মেঘালয়ত আৱিষ্কাৰ কৰা জেঠীবিধৰ নাম Cyrtodactylus exercitus ৰখাৰ বিপৰীতে মিজোৰামত পোৱা জেঠীবিধৰ বৈজ্ঞানিক নাম হৈছে-Cyrtodactylus Siahaensisআৰু ইয়াৰ ইংৰাজী নাম ৰখা হৈছে-Siaha bent-toed gecko.

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.