অপৰাধঅসমদৈনিক বাতৰি

ইৰাণী গ্রুপৰ সদস্যৰ ওপৰত পুনৰ আৰক্ষীৰ গুলিচালনা

পলাবলৈ চেষ্টা কৰাত গুলিবিদ্ধ হয় দুৰ্ধৰ্ষ চোৰ

মহানগৰীত পুনৰ ইৰাণী গ্রুপৰ সদস্যৰ ওপৰত আৰক্ষীৰ গুলিচালনা।

মহানগৰ ভৰলু আৰক্ষীযে শনিবাৰে নিশা আটক কৰিছিল আকাশদীপ সিং আৰু বিজয় যাদৱ নামৰ দুই ইৰাণী গ্ৰুপৰ সদস্য তথা দুই দুৰ্ধৰ্ষ চোৰক। নিশা আজাৰা কুহাবৰী নামৰ ঠাইলৈ অভিযান চলোৱাৰ উদ্দেশ্য লৈ গৈছিল অকাশদীপ সিঙক। আজাৰা আৰু ভৰলু আৰক্ষীযে যৌথ ভাবে চলোৱা অভিযানৰ সময়ত আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰে আকাশদ্বীপ সিঙে। লগে লগে গৰজি উঠিল আৰক্ষীৰ বন্দুক। গুলিবিদ্ধ হয় আকাশদ্বীপ।

মহানগৰীৰ বহু ঠাইত টকা, সোণৰ চেইন কাঢ়ি নিয়া আৰু গাড়ী, ঘৰ, দোকানৰ চুৰি কাৰ্যত জড়িত আছিল আকাশদ্বীপ।

আহত আকাশদ্বীক বৰ্তমানে GMCHত ভৰ্ত্তি কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 16 =

Back to top button