Educationআন্তঃৰাষ্ট্ৰীয়

ইউক্ৰেইনত আৱদ্ধ হৈ আছে ভাৰত তথা অসমৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী! কিন্তু কিয় যায় ছাত্ৰ-ছাত্ৰীসকল পঢ়িবলৈ?

সাধাৰণ লোকৰ মাজত কৌতূহল যে, ইমান ছাত্ৰ ছাত্ৰী ভাৰত তথা অসমৰ পৰা কিয় যায় ইউক্ৰেনত পঢ়িবলৈ

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ লগে লগে হাহাকাৰ লাগিছে ভাৰতীয় আৰু তাত থকা অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত। কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী উভতি আহিবলৈ সক্ষম হৈছে যদিও বহুতেই এতিয়াও ইউক্ৰেনত আবদ্ধ হৈ আছে। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে অসমৰ এতিয়াও ১০০ৰ অধিক ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনত আছে। কিন্তু সাধাৰণ লোকৰ মাজত কৌতূহল যে, ইমান ছাত্ৰ ছাত্ৰী ভাৰত তথা অসমৰ পৰা কিয় যায় ইউক্ৰেনত পঢ়িবলৈ।

বেছিভাগ ভাৰতীয় ছাত্ৰ-ছাত্ৰী ইুক্ৰেইনলৈ যায় চিকিৎসা বিজ্ঞান পঢ়িবলৈ। ইউক্ৰেইনৰ নেচনেল মেডিকেল ইউনিভাৰছিটীৰ পাঠ্যক্ৰম ভাৰতৰ MBBS পাঠ্যক্ৰমৰ দৰেই। ৫ বছৰীয়া এই পাঠ্যক্ৰমৰ সৈতে আছে ১ বছৰীয়া বাধ্যতামূলক সেৱা। ইয়াৰ উপৰি কোনোবাই পিজি বা বিশেষজ্ঞ পাঠ্যক্ৰম পঢ়িব বিচাৰিলে আৰু ৪ বছৰ পঢ়িব পাৰে। অৰ্থাত মুঠ ১০ বছৰীয়া এক পাঠ্যক্ৰম। এই পাঠ্যক্ৰম বিশ্ব স্বাস্থ্য পৰিষদৰ দ্বাৰা আৰু ভাৰততো ইউক্ৰেইনৰ পাঠ্যক্ৰম স্বীকৃত। Indian Medical Councilএ এই পাঠ্যক্ৰমক স্বীকৃতি দিছে। কেৱল National Exit Test পৰীক্ষাটো দি দেশৰ যিকোনো ঠাইত ডাক্টৰী আৰম্ভ কৰিব পাৰে এজন ছাত্ৰই।

ইয়াৰ ওপৰি ইউক্ৰেইনত ছাত্ৰ ছাত্ৰী পঢ়িবলৈ যোৱাৰ প্ৰধান কাৰণ হৈছে ইয়াৰ নিম্ন খৰছ। ইউক্ৰেইনত মেডিকেল ছাত্ৰ এজনৰ পঢ়াৰ লগতে থকা, খোৱা আৰু পকেট খৰচ এবছৰত ৫ৰ পৰা ৬ লাখ টকা। য’ত ভাৰতৰ কোনো ব্য়ক্তিগত প্ৰতিষ্ঠানত পঢ়িবলৈ হ’লে এবছৰত ১৫ লাখৰ পৰা ১ কোটি টকালৈ খৰছ হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button