অসমআঞ্চলিক

দূৰ্গা পূজাৰ নতুন SOP, এইবাৰ কেনেদৰে পাতিব পাৰিব দূৰ্গা পূজা?

জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক'ভিড বিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব পূজা

প্ৰকাশ পালে নতুন SOP। দূৰ্গা পূজাৰ প্ৰাক মুহূৰ্ত্তত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলযোগে ঘোষণা কৰিলে নতুন SOPৰ নিয়মাৱলী-

(১)প্ৰত্যেক জিলা প্ৰশাসনে নিজ নিজ জিলাত নিয়মীয়াকৈ দূৰ্গাপূজা পালন কৰি অহা পূজা সমিতিৰ সৈতে আগতীয়াকৈ বৈঠক অনুষ্ঠিত কৰি পূজা সম্পৰ্কীয় ক’ভিড প্ৰট’কলৰ বিষয়ে অৱগত কৰিব লাগিব।

(২)জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক’ভিড বিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব পূজা।

পূজাস্থলীত ল’ব লগা বিশেষ ব্যৱস্থাৱলী:

(১)পূজাস্থলী যথেষ্ট আহল-বহল হ’ব লাগিব আৰু মুকলিমূৰীয়াকৈ ৰাখিব লাগিব পূজা মণ্ডপ। দৰ্শনাৰ্থীৰ মাজত ন্যূনতম শাৰীৰিক ব্যৱধানৰ ক’ভিড বিধি অনুসৰণ কৰিব পৰাকৈ প্ৰতিখন পূজামণ্ডপত যথেষ্ট ঠাই থাকিব লাগিব।

(২)পূজামণ্ডপলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব। প্ৰৱেশ পথৰ পৰা প্ৰস্থানলৈকে দৰ্শনাৰ্থীৰ চকুত পৰাকৈ আয়োজকে আঁৰিব লাগিব ফলক।

(৩)পূজামণ্ডপত একে সময়তে মাত্ৰাধিক জনসমাগম হ’বলৈ দিব নোৱাৰিব।

(৪)দৰ্শনাৰ্থীয়ে ক’ভিড প্ৰট’কল মানি পূজামণ্ডপত সুশৃংখলিত ভাৱে সোমাব পৰাকৈ আয়োজকসকলে পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োজিত কৰিব লাগিব।

(৫)মণ্ডপত কোনো লোকৰ শৰীৰত সন্দেহজনক ক’ভিড সংক্ৰমণৰ লক্ষণ পৰিলক্ষিত হ’লে আয়োজক সমিতিয়ে ততালিকে এই বিষয়ে জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ লগতে সংশ্লিষ্ট লোকজনক নিকটৱৰ্তী ক’ভিড পৰীক্ষা কেন্দ্ৰলৈ স্থানান্তৰিত কৰা হ’ব।

আয়োজক, স্বেচ্ছাসেৱক, পূজাৰী, দৰ্শনাৰ্থীৰ বাবে নিয়মাৱলী:

(১) আয়োজক সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীৰ লগতে ভক্ত-দৰ্শনাৰ্থীসকলে কমেও এপালি ক’ভিড প্ৰতিষেধক ল’ব লাগিব। প্ৰতিষেধক নল’লে সোমাব নোৱাৰিব পূজাস্থলীত।

(২) কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে পূজা দৰ্শনৰ বাবে আহিব পাৰিব। এপালিও প্ৰতিষেধক নোলোৱা ১৮ বছৰৰ ঊৰ্দ্ধৰ কোনো লোকেই পূজাস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব। এইক্ষেত্ৰত ১৮ বছৰৰ তলৰ সকলৰ বাবে ৰেহাই থাকিব।

(৪) প্ৰতিখন পূজামণ্ডপৰ প্ৰতিগৰাকী আয়োজক, স্বেচ্ছাসেৱক আৰু পূজাৰীৰ ক্ষেত্ৰত পূজা আৰম্ভণিৰ পূৰ্বে পঞ্চমীৰ দিনা ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক। একাদশীৰ দিনা প্ৰতিমা বিসৰ্জনৰ পাছতো তেওঁলোক প্ৰত্যেকেই পুনৰ ক’ভিড পৰীক্ষা কৰাব লাগিব।

পূজামণ্ডপৰ ভিতৰভাগ আৰু স্বেচ্ছাসেৱকৰ বাবে নিয়মসমূহ:

(১)পূজা সমিতিসমূহে ক’ভিড প্ৰতিষেধক লোৱা যথেষ্ট সংখ্যক স্বেচ্ছাসেৱকক মণ্পৰ ভিতৰে-বাহিৰে নিয়োজিত কৰিব লাগিব। দৰ্শনাৰ্থীসকলে মাস্ক পৰিধান কৰা, হাত ছেনিটাইজ কৰা আৰু ন্যূনতম শাৰীৰিক ব্যৱধান ৰক্ষা কৰাৰ ক’ভিড বিধি মানি চলাটো স্বেচ্ছাসেৱকসকলে সুনিশ্চিত কৰিব আৰু নিজেও এই বিধি মানি চলিব।

(২) আয়োজকসকলে অঞ্জলি অৰ্পণ, প্ৰসাদ বিতৰণ, সান্ধ্য আৰতিৰ ক্ষেত্ৰত ক’ভিড প্ৰট’কল ৰক্ষা হোৱাকৈ অতি কম সংখ্যক লোকৰ সৰু সৰু গোটত ভাগ কৰি এনে কাৰ্য সম্পন্ন কৰিব।

(৩) মণ্ডপৰ ভিতৰত দৰ্শনাৰ্থীসকল যাতে একেস্থানতে ৰৈ নাথাকি এটা দিশত আগবাঢ়ি গৈ থাকে, সেয়া স্বেচ্ছাসেৱকৰ জৰিয়তে আয়োজকে নিশ্চিত কৰিব।

(৪)’কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে কেৱল পূজামণ্ডপত প্ৰৱেশৰ অনুমতি’ শীৰ্ষক ফলক পূজামণ্ডপসমূহৰ সকলো ফালেই লগাই ৰাখিব লাগিব।

মাস্ক পৰিধান, হেণ্ড ছেনিটাইজাৰৰ ব্যৱহাৰ:

(১) দৰ্শনাৰ্থী, আয়োজক, স্বেচ্ছাসেৱক সকলোৰে বাবেই মাস্ক পৰিধান বাধ্যতামূলক।

(২) পূজাস্থলী/মণ্ডপৰ প্ৰৱেশ পথত হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা ৰাখিব লাগিব আয়োজকে।

(৩) প্ৰতিদিনে দৰ্শনাৰ্থীৰ প্ৰৱেশৰ পূৰ্বে আৰু নিশা দৰ্শনাৰ্থীৰ প্ৰৱেশ বন্ধৰ পাছত আয়োজকে পূজাস্থলী/মণ্ডপ দুবাৰ ভালকৈ ছেনিটাইজ কৰিব লাগিব।

আনহাতে, এইবাৰ দূৰ্গা পূজাৰ লগত সংগতি ৰাখি আয়োজন কৰিব নোৱাৰিব কোনো সাংস্কৃতিক অনুষ্ঠানৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 7 =

Back to top button