খেলভাৰত

স্বাধীনতা দিৱসৰ বিশেষ অতিথিৰ ৰূপত লাভলীনা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিমন্ত্ৰণ

দেশৰ স্বাধীনতা দিৱসত লালকিল্লালৈ বিশেষ অতিথিৰ নিমন্ত্ৰণ লাভ কৰিছে অসম কন্যা বক্সিং ৰিঙৰ শুভ্ৰ দলিচাৰ ৰাণী লাভলীনাই

দেশৰ স্বাধীনতা দিৱসত লালকিল্লালৈ বিশেষ অতিথিৰ নিমন্ত্ৰণ লাভ কৰিছে অসম কন্যা বক্সিং ৰিঙৰ শুভ্ৰ দলিচাৰ ৰাণী লাভলীনাই। টুইটযোগে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে নিমন্ত্ৰণ জনালে অসম কন্যাগৰাকীক। অলিম্পিকত অংশগ্ৰহণ কৰাৰ বাবেই এইদৰে দেশৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ বিশেষভাৱে নিমন্ত্ৰণ লাভ কৰিলে লাভলীনাই।

অৱশ্যে কেৱল লাভলীনাকে নিমন্ত্ৰণ জনোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘টকিঅ’ অলিম্পিক ২০২০’ত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈকে এই কাৰ্যসূচীলৈ নিমন্ত্ৰণ জনাইছে।

জানিব পৰা মতে, প্ৰধানমন্ত্ৰী গৰাকীয়ে সম্পূৰ্ণ নিজাকৈ সকলোকে সাক্ষাৎ কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.