মানুহৰো যে কি চখ! আকাশমাৰ্গত হট এয়াৰ বেলুনৰ ওপৰত থিয় হৈ ফেচবুকত লাইভ ভিডিঅ’ যুৱকৰ, মুহূৰ্ততে ভাইৰেল ভিডিঅ’
আকাশমাৰ্গত হট এয়াৰ বেলুনৰ ওপৰত থিয় হৈ ছেলফি ভিডিঅ' কৰা এই যুৱকজনৰ নাম হৈছে ৰেইমী ওভাৰাৰ্ড। ভূ-পৃষ্ঠৰ পৰা ৪,০১৬ মিটাৰ উচ্চতাত এটা হট এয়াৰ বেলুনৰ ওপৰত উঠি ফেচবুকত লাইভ ভিডিঅ' কৰিছে তেওঁ
আপুনি বাৰু কেতিয়াবা হ’লেও দুঃসাহসিক কাম কৰিবলৈ সাহস কৰিছেনে? জীৱনত এবাৰলৈ হ’লেও আকাশমাৰ্গত দুঃসাহসিক কাম কৰাৰ ইচ্ছা আপোনাৰ আছেনে? দুঃসাহসিক কাম কৰিবলৈ আমাৰ বহুতৰে সাহস নাথাকিলেও পিছে আকাশমাৰ্গত ষ্টান্ট কৰি এজন লোকে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।
ফ্ৰান্সৰ এজন লোকৰ এটা ভিডিঅ’ বাৰুকৈয়ে হৈছে ভাইৰেল।
VIDEO: Frenchman breaks world record for standing on top of hot-air balloon at altitude.
Remi Ouvrard stands on top of a hot-air balloon for France's Telethon fundraising event at a peak altitude of 4,016 metres (13,175 feet) over Chatellerault, western France pic.twitter.com/OlhOIfc7mQ
— AFP News Agency (@AFP) November 11, 2021
আকাশমাৰ্গত হট এয়াৰ বেলুনৰ ওপৰত থিয় হৈ ছেলফি ভিডিঅ’ কৰা এই যুৱকজনৰ নাম হৈছে ৰেইমী ওভাৰাৰ্ড। ভূ-পৃষ্ঠৰ পৰা ৪,০১৬ মিটাৰ উচ্চতাত এটা হট এয়াৰ বেলুনৰ ওপৰত উঠি ফেচবুকত লাইভ ভিডিঅ’ কৰিছে তেওঁ। ফ্ৰান্সৰ এই ব্যক্তিজনে আকাশমাৰ্গত অতি দুঃসাহসিকতাৰে হট এয়াৰ বেলুনৰ ওপৰত থিয় হৈ গঢ়িলে বিশ্ব অভিলেখ।
ইয়াৰ পূৰ্বে ২০১৯ চনত ১,২১৭ মিটাৰ উচ্চতাত এয়াৰ বেলুনৰ ওপৰত উঠি ওভাৰাৰ্ডে গঢ়িছিল বিশ্ব ৰেক’ৰ্ড। অৱশ্যে এইবাৰ নিজৰেই পূৰ্বৰ ৰেক’ৰ্ড ভংগ কৰিলে ফ্ৰান্সৰ এই ব্যক্তিজনে।
কেৱল যশস্যাৰ বাবেই যে ব্যক্তিজনে এনেধৰণৰ ষ্টান্ট কৰিছে তেনে নহয়, ওভাৰাৰ্ডৰ এই ষ্টাণ্টৰ আঁৰত আছে অন্য এক কাহিনী। এই ষ্টান্ট আছিল পশ্চিম ফ্ৰান্সৰ এটা টেলিথন অভিযানৰ অংশ। বিৰল স্নায়ুপেশীৰ ৰোগৰ সৈতে সম্পৰ্কিত গৱেষণা আৰু ওকালতিৰ বাবে বাৰ্ষিক পুঁজি সংগ্ৰহৰ বাবেই ওভাৰাৰ্ডে কৰিছিল এই ষ্টান্ট।
উল্লেখ্য যে, বগা চোলা আৰু হেলমেট পৰিধান কৰি ষ্টান্ট কৰা ওভৰাৰ্ডৰ হট এয়াৰ বেলুনটোত পাইলট হিচাপে আছিল তেখেতৰ পিতৃ।
ছ’চিয়েল মিডিয়াত মুহূৰ্ততে ভাইৰেল হৈ পৰা এই ভিডিঅ’ই এতিয়া আমোদ দিছে সকলোকে। সকলোৱে ওভাৰাৰ্ডৰ এই সাহসক প্ৰশংসাৰে ওপচাই পেলাইছে। সঁচায়ে ভূ-পৃষ্ঠৰ পৰা ৪,০১৬ মিটাৰ উচ্চতাত ষ্টান্ট কৰাটো সঁচায়ে প্ৰশংসনীয়।




