AssamEducationleatest updateRegionalSocialSocial Networkঅসম
সাৱধান! ৰাজ্যৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি

ৰাজ্যত বতৰে লৈছে ভয়াৱহ ৰূপ । সমান্তৰালভাৱে ৰাজ্যৰ কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণ । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিছে সতৰ্কবাণী । কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট । ধুবুৰী, দঃ শালমাৰা, বাক্সা, চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, পঃ কাৰ্বি আংলং, শ্ৰীভূমি, হাইলাকান্দিতো বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰি । কামৰূপ গ্ৰাম্য, কামৰূপ (মঃ), নলবাৰী, দৰং, ওদালগুৰি, গোলাঘাট, হোজাই, কাছাৰত ORANGE এলাৰ্ট জাৰি ।
বিশ্বনাথ, লখিমপুৰ, যোৰহাটত YELLOW এলাৰ্ট জাৰি ।
কামৰূপ (মঃ)ত দুদিন ধৰি নেৰানেপেৰা বৰষুণ । নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন গুৱাহাটী ।