খাদ্যধৰ্মীয়ধাৰ্মিকভাৰত

কাইলৈ মহাশিৱৰাত্ৰি, মহাদেৱৰ বাবে উপবাস ৰখাসকলে কি কি খাদ্য খাব পাৰিব…

সকলোৱে আৰাধ্য দেৱতাৰ আশীষ বিচাৰি মন্দিৰলৈ যোৱাৰ লগতে ঘৰতে উপবাসে থাকি প্ৰাৰ্থনা কৰিব

কাইলৈ মহাশিৱৰাত্ৰি। হিন্দু ধৰ্মাৱলম্বী লোকসকলে মঙলবাৰে পালন কৰিব শিৱৰাত্ৰি। আৰম্ভ হ’ব শিৱজীৰ আৰাধনা। ১ মাৰ্চৰ দিনটোত সকলো মঠ-মন্দিৰতে দেখা পোৱা যাব ভক্তৰ ভিৰ।

 

মা পাৰ্বতী আৰু মহাদেৱৰ বিবাহ উপলক্ষে পালন কৰা হয় মহা শিৱৰাত্ৰি। সকলোৱে আৰাধ্য দেৱতাৰ আশীষ বিচাৰি মন্দিৰলৈ যোৱাৰ লগতে ঘৰতে উপবাসে থাকি প্ৰাৰ্থনা কৰিব। এই বিশেষ দিনটোত ভক্তসকলে উপবাস ৰখাৰ সময়ত কি কি খাদ্য খাব পাৰিব-

১)গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য

দৈ, বৰফি, মাখনৰ খীৰ খাব পাৰিব ভক্তই। ইয়াৰ লগতে শুকান ফল-মূল(Dry fruits)ৰ সৈতে গাখীৰ খাব পাৰিব ভক্তই।

২)ফল-মূল

ব্ৰত ৰখাৰ সময়ত ফল-মূল হৈছে আপোনাৰ পৰম বন্ধু। আপুনি যিকোনো ফল-মূল এই ব্ৰত ৰখাৰ সময়ত খাব পাৰিব। ব্ৰত ৰখাৰ সময়ত পৰাপক্ষত নিমখ এৰাই চলাটো উচিত।

৩)ড্ৰাই ফ্ৰুটছ

ড্ৰাই ফ্ৰুটছ-কাঠ বাদাম, খেজুৰ, কাজু বাদাম, কিচিমিচ আদি খাব পাৰিব ভক্তই।

৪)আলু

আলু হৈছে মহাশিৱৰাত্ৰিৰ উপবাসত খাব পৰা এক উচিত খাদ্য। আলু বইল কৰি কাটি দৈৰ সৈতে মিহলাই খাব পাৰিব ভক্তই।

৫)মিঠাই

ভক্তসকলে ঘৰতে প্ৰস্তুত কৰা মিঠাই-বৰফি, চাগুৰ পৰা প্ৰস্তুত কৰা মিঠাই, খিচিৰি খাব পাৰিব। চাগুৰ খিচিৰি প্ৰস্তুত কৰোতে আলু, চাগু, বাদাম, Rock Salt আদি ব্যৱহাৰ কৰিব পাৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.