অসমমিজোৰামৰাষ্ট্ৰীয় সুৰক্ষা

অসম সীমান্তত শ্বহীদ হোৱা আৰক্ষী জোৱানক সুঁৱৰি ৩ দিনৰ বাবে ৰাজ্যিক শোক ঘোষণা

লাইলাপুৰৰ এই ঘটনাৰ পাছতে ৰাজ্যত ঘোষণা কৰা হৈছে ৰাজ্যিক শোক

উত্তপ্ত অসম-মিজোৰাম সীমান্ত। সীমান্তত সোমবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। মিজো দুৰ্বৃত্তৰ LMGৰ গুলীত ধাৰাশায়ী অসম আৰক্ষীৰ সেনা।

সোমবাৰে অসম সীমান্তৰ লাইলাপুৰত অসম আৰক্ষী জোৱানে প্ৰাণ আহুতি দিয়া ঘটনাই এতিয়া সংকট মাতি আনিছে সীমা সুৰক্ষালৈ।

লাইলাপুৰৰ এই ঘটনাৰ পাছতে ৰাজ্যত ঘোষণা কৰা হৈছে ৰাজ্যিক শোক। এই বৰ্বৰ ঘটনাক গৰিহণা দি ৩ দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিলে অসম চৰকাৰে। আজিৰে পৰা তিনিদিনৰ বাবে অৰ্ধনমিত হৈ থাকিব ৰাষ্ট্ৰীয় পতাকা। শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যেই ৰাজ্য চৰকাৰে কৰিলে এই ঘোষণা।

ৰাজ্যত ৩ দিন ধৰি থকা ৰাজ্যিক শোকৰ সময়ছোৱাত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো চৰকাৰী বা ৰাজহুৱা অনুষ্ঠান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.