অসমদৈনিক বাতৰি

মৰাণত আলফা (স্বাঃ)ৰ নামত সন্দেহজনক ধন দাবী পত্ৰ, পত্ৰযোগে ব্যৱসায়ীক দাবী ৭০ লাখ টকা

মৰাণত আলফা (স্বাঃ)ৰ নামত সন্দেহজনক ধন দাবী পত্ৰ, পত্ৰযোগে ব্যৱসায়ীক দাবী ৭০ লাখ টকা

মৰাণত আলফা (স্বাঃ)ৰ নামত সন্দেহজনক ধন দাবী পত্ৰ। মেজৰ জেনেৰেল নয়ন অসম স্বাক্ষৰিত ধন দাবী পত্ৰ। পত্ৰযোগে ব্যৱসায়ীক দাবী ৭০ লাখ টকা। পূৰ্বাঞ্চল হাৰ্ডৱেৰৰ স্বত্বাধিকাৰীক ধন দাবী আলফা (স্বাঃ)ৰ। ১৮ জুলাইত অজ্ঞাত নম্বৰৰ পৰা ৱাটছএপযোগে আহিছিল মেছেজ। ভুক্তভোগী শ্ৰৱণ আগৰৱালাই দাখিল কৰিছে এজাহাৰ। দাবী কৰা ধন নিদিলে শ্ৰৱণৰ জীৱন-সম্পত্তিলৈ আহিছে ভাবুকি। ২০১৩ বৰ্ষতো ১০ লাখ শ্ৰৱণক দাবী কৰিছিল আলফা (স্বাঃ)ই। ঘটনাৰ পাছতেই চৰম নিৰাপত্তাহীনতাত ভুগিছে শ্ৰৱণ আগৰৱালাৰ পৰিয়াল। আৰক্ষীয়ে শ্ৰৱণৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত দিছে পহৰাৰ ব্যৱস্থা।

উল্লেখ্য যে ২৩ জুলাইত ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৱৰ্তী তিনিঠেঙীয়াত আলফা (স্বাধীন)-ৰ হৈ ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীয়ে এনকাউন্টাৰ কৰিছিল গেলেকীৰ হেম চেতিয়া নামৰ লোকজনক ৷ ইয়াৰ পাছতে পোহৰলৈ আহিছে মৰাণত আলফা (স্বাধীন)-ৰ ধনদাবীৰ তথ্য ৷ ডিব্ৰুগড় জিলাৰ মৰাণৰ নতুন নগৰত অৱস্থিত পূৰ্বাঞ্চল হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকী শ্ৰৱন আগৰৱালাক ৭০ লাখ টকা দাবী সংগঠনটোৰ ৷ প্ৰকৃততে এই পত্ৰখন আলফা স্বাধীনৰ হয়নে নহয় এতিয়াও নিশ্চিত কৰা নাই সংগঠনটোৱে। ইফালে এটা চক্ৰই আলফা স্বাধীনৰ নামত ধন সংগ্ৰহ কৰাৰ এক অভিযোগ আনিছিল সংগঠনটোৰ নেতৃত্বই। সম্প্ৰতি ‍ভাবুকি ভৰা পত্ৰৰ পিছতেই সমগ্ৰ মৰাণত আৰক্ষীয়ে চলাইছে জোৰদাৰ অভিযান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + one =

Back to top button