অপৰাধআন্তঃৰাষ্ট্ৰীয়

ভয়ংকৰ! প্ৰথমে হত্যা, তাৰপিছত মদৰ লগত নৰ মাংস ভক্ষণ কৰিলে এজন লোকে

কেৱল হত্যা কৰাই নহয়, হত্যা কৰি মৃত লোকৰ শৰীৰৰ মঙহ মদৰ লগত সেৱন কৰিলে ৰাছিয়াৰ এজন নৰখাদকে।

মানুহৰ মঙহেৰেই এসাঁজ খালে এজন নৰখাদকে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰাছিয়াত। শেহতীয়াকৈ পোহৰলৈ আহিছে গাৰ নোম শিয়ৰি উঠা এক ঘটনা।

তিনিজন লোকক চুৰিকাঘাত কৰি নিৰ্মমভাৱে হত্যা কৰিলে এজন লোকে। কেৱল হত্যা কৰাই নহয়, হত্যা কৰি মৃত লোকৰ শৰীৰৰ মঙহ মদৰ লগত সেৱন কৰিলে ৰাছিয়াৰ এজন নৰখাদকে।

ৰাছিয়াৰ ৩২ বছৰীয়া ভলাদিমিৰ য়াদনে নামৰ লোকজনে চাইবেৰিয়ান অঞ্চলত একে নিশাই হত্যা কৰিছিল দুজন পুৰুষ আৰু এগৰাকী মহিলাক। য়াদনে কেৱল হত্যা কৰিয়েই ক্ষান্ত থকা নাছিল, আনকি মদৰ সৈতে মৃতদেহৰ কেঁচা মাংসও ভক্ষণ কৰিছিল য়াদনে। য়াদনে হত্যা কৰা লোককেইজনৰ ভিতৰত আছিল এগৰাকী ৫৯ বছৰীয়া মহিলা আৰু এজন ৫১ বছৰীয়া পুৰুষ বন্ধু।

শেহতীয়াকৈ এই ঘটনা পোহৰলৈ অহাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক। ইতিমধ্যে, আদালতে য়াদনেক আজীৱন কাৰাদণ্ডৰ বাবে হুকুম দিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − twelve =

Back to top button