ব্ৰাজিললৈ নেইমাৰে লৈ যাব পাৰিবনে বিশ্বকাপৰ ট্ৰফী?
ব্ৰাজিলৰ 'অল টাইম গ'ল স্ক'ৰাৰ'ৰ অভিলেখৰ তালিকাৰে নেইমাৰে মহান পেলেক অতিক্ৰম কৰিছে

নেইমাৰ জুনিয়ৰ ব্ৰাজিলৰ ফুটবল শিল্পী হৈয়ো যেন এক ট্ৰেজিক নায়ক । বিগত ২৪ টা বছৰে নেইমাৰেই বাৰে বাৰে বিশ্বকাপৰ সপোন দেখুৱাই আছে চেলেচাও দলক। ফিল্ডত ফুটবল-দৣতি/ফ্লেয়াৰ আৰু কল্পনাৰ অদ্ভুত বিন্যাস নেইমাৰৰ পদসঞ্চাৰত। কি এক ৰাজসিক গমন আৰু স্ব-আৰ্জিত স্বাধীন গতিৰ সাযুৰ্য! তেনেই সীমিত ফুটবলাৰৰহে থাকে নেইমাৰৰ দৰে অনায়াস কিন্তু ছন্দোবদ্ধ ফুটবল স্কিল।

ব্ৰাজিলৰ ‘অল টাইম গ’ল স্ক’ৰাৰ’ৰ অভিলেখৰ তালিকাৰে নেইমাৰে মহান পেলেক অতিক্ৰম কৰিছে । কিন্তু আঘাত আৰু হৃদয়ভঙা ব্যৰ্থতাই তেওঁক বিশ্বকাপৰ মহানতা স্পৰ্শৰ পৰা বঞ্চিত কৰি ৰাখিছে।
ব্ৰাজিলে যদি ট্ৰফীৰ ‘পেণ্টা’ এইবাৰ ‘হেক্সা’লৈ উত্তৰণ ঘটাব পাৰে, তেন্তে সেয়া হ’ব কেৱল নেইমাৰ জুনিয়ৰৰ বাবে।

নেইমাৰ ব্ৰাজিলৰ বাবে আচলতে কি ??? সেই অনুভৱ কেৱল আৰু কেৱল ব্ৰাজিলবাসীয়ে জানে। উপৰ্যুপুৰী আঘাতৰ বাবে নেইমাৰ এইবাৰ বিশ্বকাপৰ পথাৰত নামিবনে নাই সেয়া আছিল সন্দেহৰ বিষয়। ব্ৰজিলৰ World Cup Team ঘোষণাৰ সময়ত যেতিয়া নেইমাৰ জুনিয়ৰ নামটো উচ্চাৰণ কৰিছিল… সেই সময়ত লাইভ টেলিকাষ্ট চাই থকা মানুহবোৰে উচুপি উঠিছিল। হুকহুকাই কান্দিছিল মানুহ। কি কেৱল ব্ৰাজিল… নাই, কেৱল ব্ৰাজিল নহয়। ব্ৰাজিলক ভালপোৱা নেইমাৰ জুনিয়ৰ বুলি ক’লে উশাহ ঘন হৈ উঠা মানুহবোৰৰ দুচকু সিদিনা সেমেকি উঠিছিল। কিয়নো এজন খেলুৱৈৰ প্ৰতি, তেওঁৰ খেলৰ প্ৰতি এয়া মানুহৰ প্ৰচণ্ড ভালপোৱা।
আৰু যদি এইবাৰ ব্ৰাজিলে বিশ্বকাপৰ ট্ৰফী আজুৰি লয়, তেনেহ’লে এয়া হয়তো শেষবাৰৰ বাবে নেইমাৰ আৰু ষষ্ঠবাৰৰ বাবে ব্ৰাজিলে পূৰণ কৰিব বিশ্বকাপৰ স্বপ্ন ।
