EducationSocialভাৰত

বিশ্ববিদ্যালয়লৈ যোৱাৰ আগলৈকে ম’ম’, চেণ্ডুইছৰ নাম নুশুনা ২২ বছৰীয়া ল’ৰাজনে প্ৰথম প্ৰচেষ্টাতে উত্তীৰ্ণ হ’ল UPSCত…

IAS বিষয়া হিচাপে নিযুক্তি লাভ কৰি সত্যমে কয় যে, ভৱিষ্যতে দেশৰ পিছপৰা অঞ্চলসমূহত থকা বিভিন্ন সমস্যা সমাধানৰ বাবে তেওঁ আগ্ৰহী

ম’ম’, চেণ্ডুইছৰ নাম নুশুনা এজন গাঁৱলীয়া ল’ৰা। বিহাৰৰ এটা অতি সাধাৰণ পৰিয়ালৰ ল’ৰাজনৰ নাম সত্যম গান্ধী। এতিয়া সকলোৰে মাজত চৰ্চিত হৈছে সত্যম গান্ধী। কিয়নো বিহাৰৰ এই ল’ৰাজনে প্ৰথম প্ৰচেষ্টাতে উত্তীৰ্ণ হ’ল UPSCৰ পৰীক্ষাত।

দিল্লী বিশ্ববিদ্যালয়লৈ যোৱাৰ পূৰ্বে ম’ম, চেণ্ডুইছৰ নাম নুশুনা মেধাবী ল’ৰাজনে কোনো পৰীক্ষাৰ প্ৰশিক্ষণ নোলোৱাকৈ কেৰ’ল বাগ পি.জি.ৰ এটা ৰুমত নিজাববীয়াকৈ পঢ়া-শুনা কৰি UPSCত লাভ কৰিবলৈ সক্ষম হৈছে দশম স্থান।

২২ বছৰীয়া যুৱকজনে পৰীক্ষাৰ পূৰ্বে ৮-১০ ঘন্টা পঢ়া-শুনা কৰিছিল। দিল্লীত সত্যম গান্ধীৰ পঢ়া-শুনাৰ বাবে দেউতাকে  লোন লৈ দিছিল পুত্ৰক। IAS বিষয়া হিচাপে নিযুক্তি লাভ কৰি সত্যমে কয় যে, ভৱিষ্যতে দেশৰ পিছপৰা অঞ্চলসমূহত থকা বিভিন্ন সমস্যা সমাধানৰ বাবে তেওঁ আগ্ৰহী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.