অসমআঞ্চলিকদৈনিক বাতৰি

অনুজ কুমাৰ শৰ্মালৈ নেৱকাছ ৰাষ্ট্ৰীয় যুৱ সাংবাদিকৰ সন্মান

সংবাদ ক্ষেত্ৰখনত আগবঢ়োৱা অবদানৰ বাবে নেৱকাছে ২০২২ চনৰ "যুৱ সাংবাদিকৰ" সন্মান আগবঢ়াই অনুজ কুমাৰ শৰ্মাক।

অনুজ কুমাৰ শৰ্মালৈ নেৱকাছ ৰাষ্ট্ৰীয় যুৱ সাংবাদিকৰ সন্মান।

উত্তৰ পূৱৰ জনপ্ৰিয় সামাজিক সাংস্কৃতিক অনুষ্ঠান নেৱকাছে ৫ জুন তাৰিখে জ্যোতিচিত্ৰবনত অনুস্থিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীওঁ বিশিষ্ট ব্যক্তিক নেৱকাছ ৰাষ্ট্ৰীয় বটাৰে সন্মানিত কৰে।

সংবাদ ক্ষেত্ৰখনত আগবঢ়োৱা অবদানৰ বাবে নেৱকাছে ২০২২ চনৰ “যুৱ সাংবাদিকৰ” সন্মান আগবঢ়াই অনুজ কুমাৰ শৰ্মাক।

বটাঁ লাভ কৰি অনুজ কুমাৰ শৰ্মা যথেষ্ট আৱেগিক হৈ পৰে আৰু সাংবাদিকৰ আগত শৰ্মাই কয়- ‘মই এই বটাঁৰ বাবে যোগ্য নহয়। তথাপিওঁ নেৱকাছে মোক যোগ্য বুলি ভাবি যি মৰম দিলে তাৰ বাবে মই NEBCUSৰ সভাপতি গগনাস্তম গগৈ আৰু সাধাৰণ সম্পাদক বৰষা কাশ্যপকে আদি কৰি সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনালো।’

অনুজ কুমাৰ শৰ্মাৰ এই সাফল্যত বিভিন্ন দল সংগঠন তথা বিভিন্ন ব্যক্তিয়ে শুভেচ্ছা জ্ঞাপন কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.