অভিনয়জীৱনশৈলীবলিউডভাৰত

প্ৰসংগঃৰণবীৰ-আলিয়াৰ বিয়া, কেতিয়া বিবাহ পাশত আৱদ্ধ হ’ব বলিউডৰ দুই চেলিব্ৰেটী?

২০১৭ চনৰ পৰাই ৰণবীৰ-আলিয়াৰ মাজত আছে গভীৰ প্ৰেমৰ সম্পৰ্ক

ৰণবীৰ-আলিয়াৰ বিয়ালৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে দুই অভিনেতাৰ অনুৰাগীসকল। দুইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ বিবাহক লৈ ছ’চিয়েল মিডিয়াত প্ৰায়ে হয় চৰ্চা।

২০১৭ চনৰ পৰাই ৰণবীৰ-আলিয়াৰ মাজত আছে গভীৰ প্ৰেমৰ সম্পৰ্ক। দুয়োগৰাকীয়ে ছ’চিয়েল মিডিয়াত প্ৰায়ে শ্বেয়াৰ কৰে অৱসৰ বিনোদনৰ ফটো। ৰণবীৰ আৰু আলিয়াই দুয়োৰে পৰিয়ালৰ সৈতেও বৰ্তাই ৰাখিছে সু-সম্পৰ্ক। আলিয়াই প্ৰায়ে ৰণবীৰৰ মাতৃ নীতু কাপুৰৰ সৈতে সময় পাৰ কৰাৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা দেখা যায়। যদিও ক’ভিড পৰিস্থিতিৰ বাবে দুয়োৰে বিয়াৰ ক্ষেত্ৰত কিছু বিলম্ব পৰিলক্ষিত হৈছে।

শেহতীয়াকৈ বলিউডৰ মোহময়ী অভিনেত্ৰী লাৰা দত্তই কয়, “মই বিশ্বাস কৰো যে, চলিত বৰ্ষতে ৰণবীৰ আৰু আলিয়া বিবাহপাশত আৱদ্ধ হ’ব। ২০১৭ চনৰ পৰাই দুয়োয়ে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছে। বিগত বৰ্ষত মহামাৰীৰ বাবে সম্পন্ন নহ’ল দুয়োৰে বিবাহ। অন্যথা এতিয়ালৈ দুয়োৰে বিয়াই হ’ব লাগিছিল”।

লাৰা দত্তৰ এই মন্তব্যৰ পাছতেই এই কথা বাৰুকৈয়ে চৰ্চালৈ আহিছে যে, চলিত বৰ্ষতে ৰণবীৰ-আলিয়া বিবাহ পাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক তেওঁলোকৰ পৰৱৰ্তী চিনেমা আয়ান মুখাৰ্জীৰ চুপাৰনেছৰেল ফিল্ম ‘ব্ৰহ্মাস্ত্ৰ’ত একেলগে দেখা পোৱা যাব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + four =

Back to top button