অসমদৈনিক বাতৰিমনোৰঞ্জন

শীঘ্ৰেই বিবাহ পাশত আবদ্ধ হ’ব পৰিণীতি চোপ্ৰা, কিন্তু দৰা হ’ব কোন?

শীঘ্ৰেই বিবাহ পাশত আবদ্ধ হ’ব পৰিণীতি চোপ্ৰা

শেহতীয়াকৈ দেশবাসীৰ দৃষ্টি কাঢ়িছে এটা বিশেষ খবৰে।হয়, আজিকালি প্ৰায়েই একেলগে দেখিবলৈ পোৱা যায় বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু ৰাজ্যসভাৰ সাংসদ ৰাঘৱ ছদ্ধাক।মুম্বাইৰ ৰেষ্টুৰেণ্টসমূহত খুব ঘনাই একেলগে সময় অতিবাহিত কৰিবলৈ লৈছে ৰাঘৱ আৰু পৰিণীতিয়ে।যাৰ বাবে দুয়োয়ে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই পৰিছে বুলি অনুৰাগীসকল প্ৰায় নিশ্চিত হৈ পৰিছে।

এই বিষয়টো সন্দৰ্ভত দুয়োজনৰ ভিতৰৰ এজনেও বৰ্তমানলৈ কোনো ধৰণৰ স্পষ্টতা আগবঢ়োৱা নাই যদিও দুয়োটা পৰিয়ালে এই বিষয়ত কথা-বতৰা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। বিশেষ সূত্ৰ অনুসৰি, বিবাহ সন্দৰ্ভত দুয়োজনৰ পৰিয়ালে ইতিমধ্যে কথা-বতৰা পাতিছে আৰু অতি সোনকালেই বিবাহপাশত আবদ্ধ হ’ব ৰাঘৱ আৰু পৰিণীতি।সম্পূৰ্ণ ৰীতি-নীতিৰ মাজেৰে বিবাহৰ অনুষ্ঠানসমূহ মুম্বাইতে অনুষ্ঠিত হ’ব।

 

এই সন্দৰ্ভত সাংসদ প্ৰেমিকজনক পৰিণীতিৰ বিষয়ে সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে, আপোনালোকে মোক ৰাজনীতিৰ বিষয়ে প্ৰশ্ন কৰক, পৰিণীতিৰ বিষয়ে নহয়।  আনকি সংসদতো তেওঁলোকৰ এই প্ৰেমৰ কথা আওপকীয়াকৈ চৰ্চিত হৈছে।

বহু সময়ত পৰিণীতিক প্ৰেম সৰ্ম্পকীয় বহু প্ৰশ্ন সোধা হৈছে যদিও তেওঁ চতুৰালিৰে এই প্ৰশ্নৰ উত্তৰ দি আহিছে।অতি আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী পৰিণীতিৰ বৰ্তমানলৈ কোনো প্ৰেমিক নথকা বিষয়টো অনুৰাগীসকলে কোনো কাৰণতে বিশ্বাস কৰিব নোৱাৰে বুলি বহু সময়ত চৰ্চাও চলিছে।উল্লেখ্য, ‘ছুধ দেশী ৰোমাঞ্চ’, ‘ইছকজাদে’, ‘হছী ত’ ফছী’, ‘মেৰী প্যাৰী বিন্দু’ ‘গ’লমান এগেইন’ আদি ছবিত অতুলনীয় অভিনয় কৰি দৰ্শকৰ আপোন হৈ পৰা পৰিণীতিক শীঘ্ৰেই ইমতিয়াজ আলীৰ ছবি ‘চামকিলা’ত দৰ্শকে এক নতুন ৰূপত দেখিবলৈ পাব।বহুচৰ্চিত এই ছবিখনত পৰিণীতিৰ বিপৰীতে অভিনয় কৰিছে দিলজিৎ দোচাঞ্জে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.