Assamleatest updateSocialSocial Networkঅসমআন্তঃৰাষ্ট্ৰীয়খাদ্যদৈনিক বাতৰিপৰিৱেশবিশ্বভাৰতসংস্কৃতিস্বাস্থ্য

পঁইতা ভাত !

পঁইতা ভাতৰ উপকাৰীতাৰ কথা গ'ম পালে আচৰিত হ'ব আপুনি ?

▶ পঁইতা ভাত কি ?

  পঁইতা ভাত সাধাৰণতে আমি খোৱা ভাত ওৰে ৰাতি পানীত তিয়াই ৰাখি, পিছদিনা খাবৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ খাদ্য । পানীত তিয়াই ৰখা বাবে এই ভাত সামান্য টেঙা হৈ পৰে । বিশেষকৈ গৰমৰ দিনত অসমীয়া ৰাইজৰ প্ৰিয় খাদ্য এই পঁইতা ভাত । অসমৰ বাদেও আন আন চাউল প্ৰধান ঠাই বিশেষে ব্যৱহাৰ অথবা এই খাদ্য খায় । এই পঁইতা ভাত খাদ্যৰ বিভিন্ন ভাগ সমূহ – সাত্বিক, ৰাজসিক আৰু তাম্ৰসিকৰ ভিতৰত পঁইতা ভাত তাম্ৰসিক খাদ্যৰ অন্তৰ্ভুক্ত। পঁইতা ভাতৰ পানী খিনিক পোতনি বুলি কোৱা হয়।  

▶  কেনেকৈ তৈয়াৰ কৰিব এই পঁইতা ভাত ?

উখুৱা চাউল বা আন সাধাৰণ চাউলৰ ভাত লব আৰু প্ৰায় ১২ ঘণ্টালৈ পানীত তিয়াই ৰাখি থৈ এই ভাত প্ৰস্তুত কৰা হয়। জুতিৰ বাবে ইয়াৰ লগত নিমখ, সৰিয়হ তেল আদি মিহলাব পৰা যায় , আলু পিটিকা, বেহুৱা, দাইল বটা, জলকীয়া ইত্যাদিৰ সৈতে খাব পাৰে আপুনি  । পঁইতা ভাত কৰিবলৈ ১২ ঘণ্টাতকৈ অধিক সময় পানীত তিয়াই ৰখা ভাত অপকাৰী হৈ পৰে। সেইকাণে বেছি সময় তিয়াই থব নালাগে ।

▶  পঁইতা ভাতক কত কি নামেৰে কোৱা হয় ?

নামনি অসমত ‘পন্তা’

উজনিত ‘পঁইতা’ ভাত

ইংৰাজীত ইয়াক সাধাৰণতে কোজি ৰাইচ

পশ্চিম বংগত ‘পান্তা’ ভাত,

তামিলনাডুত পৰইয় চৰু,

কেৰেলাত পৰম কঞ্জি,

ছত্তীছগড়ত পখাল ভাত

উৰিষ্যাত পখাল (পখালঅ)

এচিয়াৰ বহুকেইখন দেশত ইয়াক ‘চুইট ডেজাৰ্ট’

চীনত দেশত ইয়াক ‘জিউ নিয়াং’ নামেৰে জনা যায়। 

আদি বিভিন্ন দেশত ভিন্ন নামেৰে জনা যায় । এতিয়া গৰমৰ সময় আপুনিও খাব পাৰে পঁইতা ভাত

 

▶  পঁইতা ভাত খালে কি কি লাভ হব আপোনাৰ জানেনে আপুনি ?

অসমৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰীক্ষা অনুসৰি পঁইতা ভাতত কি কি গুণ/লাভ/উপকাৰ আছে উল্লেখ কৰা হল 

১ ভাতক পানীত তিয়াই থ’লে  বহুতো উপকাৰী বেক্টেৰিয়া সংশ্লেষিত হয়। তদুপৰি লেক্টিক এচিডআৰু ভিটামিন-‘বি’ উৎপন্ন হয় ।

২ পঁইতা ভাতত থকা লেক্টিক এচিড আৰু আন উপকাৰী বেক্টেৰিয়াবোৰে কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰিও আন উপকাৰী বেক্টেৰিয়াবোৰ পেটৰ আন ৰোগ দূৰ কৰাতো সহায়ক কৰে পঁইতা ভাতে ।

৩ পঁইতা ভাত ছাল গঠন, প্ৰাথমিক প্ৰোটিন কোলাজন তৈয়াৰ কৰাত সহায় কৰে ।

৪ পঁইতা ভাতে কোলাজনে ছালৰ সংকোচন, সম্প্ৰসাৰণ প্ৰক্ৰিয়াত সহায় কৰে।

৫ পঁইতা ভাতে ভিটামিন-‘ই’ সংশ্লেষণেৰে ছালৰ মৃত কোষিকাবোৰ পুনৰ গঠনত সহায় কৰে।

৬ পঁইতা ভতৰ দ্বাৰা মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।

৭ পঁইতা ভাতত উপকাৰী বেক্টেৰিয়াবোৰে প্ৰোবায়োটিকৰ কাম কৰে

৮ পঁইতা ভাতে হজম হোৱা খাদ্য বাবে লিভাৰক সকাহ দিয়ে।

৯ পঁইতা ভাতে দৈনন্দিত বিভিন্ন খাদ্যশৈলীৰ দ্বাৰা নিঃসৰণ হোৱা অক্সিডেণ্টবোৰক নিষ্কাশন কৰাত সহায় কৰে

 

অসমৰ লগতে বিভিন্ন প্ৰান্তত এতিয়া অত্যধিক গৰম । এই গৰমৰ সময়ছোৱাত আপোনাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য কৰি পঁইতা ভাত খালে আপোনাৰ শৰীৰ লগতে আপোনাৰ পেট ভালে ৰখাত সহায়ক হব সেই কাৰণে আপুনিও পঁইতা ভাত খাব পাৰে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.