Socialঅসমআঞ্চলিক

কেনে আছে স্বাধীনতাৰ অক্লান্ত সংগ্ৰামী গণেশ হাজৰিকা

কেনে আছে দেশৰ স্বাধীনতাৰ পক্ষে যুঁজা অক্লান্ত সংগ্ৰামী গণেশ হাজৰিকা!

দেৰগাঁৱৰ আফুৱা গাঁৱৰ ১০৩ বছৰ গৰকা স্বাধীনতা সংগ্ৰামী,কৃতী শিক্ষক মুক্তিযোদ্ধা গণেশ চন্দ্ৰ হাজৰিকা।  ১৯৩৬চনত নৱম শ্ৰেণীত পঢ়ি থাকোতেই সমগ্ৰ দেশ জুৰি মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত বৃটিছৰ বিৰুদ্ধে দেশজুৰি চলা স্বাধীনতা সংগ্ৰামত ভাগ লৈছিল গণেশ চন্দ্ৰ হাজৰিকাই l

সমগ্ৰ দেশতেই ইংৰাজ শাসন ওফৰাই স্বাধীন ভাৰতৰ পতাকা উৰুৱাবলৈ বদ্ধ পৰিকৰ হৈছিল ভাৰতবাসী। কাশ্মীৰৰ পৰা কন্যাকুমাৰী,অসমৰ পৰা গুজৰাটলৈ বিভিন্নজনে দেশমাতৃক ৰক্ষা কৰাৰ স্বাৰ্থত আত্মবলিদান দিলে,কোনো লোক চিৰকাললৈ ঘূণীয়া হ’ল আৰু বহুলোকে কাৰাবাস খাটিলে। দেশমাতৃক ৰক্ষা কৰা সংকল্প গ্ৰহণ কৰা ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অক্লান্ত যোদ্ধা আছিল গণেশ হাজৰিকা।

বয়সে বৃদ্ধ কৰিলেও তেওঁৰ আজিকোপতি বাতৰি কাকত পঢ়িব পাৰে সুন্দৰকৈ l  আনৰ সহায় নোলোৱাকৈ নিজে উঠা বহা কৰে গণেশ হাজৰিকাই । শতায়ু গৰকা মুক্তিযোদ্ধা গণেশ হাজৰিকাৰ  মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক ওচৰৰ পৰা লগ পোৱাৰ ইচ্ছা l

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.