Socialঅপৰাধঅসম

তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ মৃতদেহ

সোমবাৰে নিশা নিজ পুত্রই বাৰে-বাৰে ফোন কৰি কোনো খবৰ নাপাই আত্মীয়ৰ মানুহক মাতৃৰ খবৰ ল'বলৈ পঠিয়ায়

এক শিহৰণকাৰী ঘটনাই জোকাৰিছে কাছাৰ। কাছাৰৰ কাটিগড়া সমষ্টিত ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হৈছে এগৰাকী বয়সীয়া মহিলাৰ মৃতদেহ। সমষ্টিটোৰ কৰইকান্দি নামৰ গাঁৱত তেজেৰে তুমৰলি অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী ষাঠিৰ উৰ্দ্ধৰ মহিলাৰ মৃতদেহ।

মহিলা গৰাকীৰ নাম ইলাতুন নেছা বলি জানিব পৰা গৈছে। সোমবাৰে নিশা নিজ পুত্রই বাৰে-বাৰে ফোন কৰি কোনো খবৰ নাপাই আত্মীয়ৰ মানুহক মাতৃৰ খবৰ ল’বলৈ পঠিয়ায় ৷

আত্মীয় লোক ঘৰত  উপস্থিত হওঁতে যথেষ্ট পলম হৈ গৈছিল, ইতিমধ্যে কোনো লোকে হত্যা কৰি থৈ গৈছিল ইলাতুন নেছাই৷
অৱশ্যে মহিলাগৰাকীক কোনে হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্ত্তত।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে৷

আৰক্ষীয়ে তদন্তৰ বাবে এজনক আটক কৰি হাজিৰ কৰিছে কাটিগড়া থানাত ৷ এই ৰহস্যময় হত্যাকাণ্ডই এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.