Assamassam policeleatest updatenationalnorth eastঅসমঅসম আৰক্ষীআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়ভাৰত

শীঘ্ৰেই অসম এৰিব IPS আনন্দ মিশ্ৰইঃ ইতিমধ্যে ঘৰৰ আচবাব সামৰিবলৈ আৰম্ভ কৰিছে IPS বিষয়া গৰাকীয়ে

মা আৰু মাটিয়ে মোক মাতিছে, বাকী সময় মাৰ সেৱাৰ বাবে কাম কৰিম। যিদৰে সমাজৰ ভাল কৰিব পাৰো, যি পথত গৈ মানুহৰ ভাল কৰিব পাৰো, সেয়া কৰিবলৈ সাজু

Encounter specialist ৰূপে বিখ্যাত IPS বিষয়া তথা লখিমপুৰ জিলাৰ বৰ্তমানৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জানুৱাৰী মাহতেই অসম এৰিব।
ইতিমধ্যে আৰক্ষী বিষয়া গৰাকীয়ে প্ৰিয় মটৰ বাইক দুখন বিহাৰলৈ প্ৰেৰণ কৰিছে।
অৱসৰ বিচাৰি DGP ৰ জৰিয়তে মূখ্য সচীবলৈ পত্ৰ প্ৰেৰণ কৰা বিষয়টো বিগত বৰ্ষৰ ডিচেম্বৰৰ শেষৰ ভাগত আনন্দ মিশ্ৰই সপৰিয়ালে মাজুলী ভ্ৰমণত দক্ষিণপাট সত্ৰত সেৱা লৈ চামগুৰি সত্ৰৰ মুখাশিল্প দৰ্শন কৰি সংবাদ মাধ্যমৰ আগত পোন প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।
এই বিষয়ে আনন্দ মিশ্ৰই কৈছিল, ‘‘মা আৰু মাটিয়ে মোক মাতিছে, বাকী সময় মাৰ সেৱাৰ বাবে কাম কৰিম। যিদৰে সমাজৰ ভাল কৰিব পাৰো, যি পথত গৈ মানুহৰ ভাল কৰিব পাৰো, সেয়া কৰিবলৈ সাজু।’’
লগতে বিষয়া গৰাকীয়ে অব্যাহতি লোৱাৰ পিছত জন্মভূমিৰ সামাজিক আৰু শৈক্ষিক দিশৰ অগ্ৰগতিৰ বাবে কাম কৰাৰ কথাও প্ৰকাশ কৰিছিল।
উল্লেখনীয় যে অব্যাহতিৰ পিছত আনন্দ মিশ্ৰই ৰাজনীতিত খোজ দিয়াৰ কথাই বিশেষ চৰ্চা লাভ কৰিছে। এক সুত্ৰ অনুসৰি আগন্তক ২০২৪ ৰ লোকসভা নিৰ্বাচনত BJP ৰ প্ৰাৰ্থী হিচাপে বিহাৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ২৭ ডিচেম্বৰত তেওঁ মাজুলীত আৰ.এছ.এছ প্ৰধান মোহন ভাগৱতক সাক্ষাৎ কৰাৰ পিছতেই তেওঁৰ ৰাজনীতিত প্ৰৱেশ কৰা বাতৰিত যেন মোহৰ লাগিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + thirteen =

Check Also
Close
Back to top button