AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদ্বীপ ধনখড়ৰ মিমিক্ৰিক লৈ উত্তাল হৈ উঠিছে দিল্লীৰ ৰাজনীতি….

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদ্বীপ ধনখড়ৰ মিমিক্ৰিক লৈ উত্তাল হৈ উঠিছে দিল্লীৰ ৰাজনীতি। তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ আচাৰ-ব্যৱহাৰক নকল কৰা আৰু সাংসদজনৰ কৰ্মকাণ্ড কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেমেৰাত দৃশ্যবন্দী কৰা কাৰ্যক কঠোৰ ভাষাত সমালোচিত হৈছে। সংসদ ভৱন বাহিৰৰ বিৰোধী সাংসদসকলৰ একত্ৰিত হওঁতেই সাংসদ কল্যাণ বেনাৰ্জীয়ে উপ-ৰাষ্ট্ৰপতিজনৰ আচাৰ ব্যৱহাৰ মিমিক্ৰি কৰা দেখা যায়। সাংসদ বেনাৰ্জীৰ অভিনয়ে উপস্থিত বিৰোধী সাংসদসকলক আমোদ দিলেও এই কাৰ্য অত্যন্ত নিম্ন মানসিকতাৰ পৰিচায়ক বুলি অভিহিত কৰিছে বিভিন্নজনে। উপ–ৰাষ্ট্ৰপতি ধানখড়েও এই কাৰ্যত ব্যতিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ ৰি কয়– এই কাৰ্য তেঁৰ কৃষক আৰু জাত পৃষ্ঠভূমিৰ প্ৰতি অৱমাননা। ইতিমধ্যে সাংসদজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.