অপৰাধদৈনিক বাতৰিভাৰত

সচাঁই আচৰিত! এজন, দুজন নহয় পাঁচ নম্বৰ প্ৰেমিকলৈ পলায়ন এগৰাকী মহিলাৰ….

আমি প্ৰায়ে পৰকীয়া প্ৰেমৰ কিছুমান আচৰিত ঘটনাৰ বিষয়ে পঢ়ো বা শুনো। কিন্তু আজিৰ এই ঘটনাৰ বিষয়ে শুনিলে চকু কপালত উঠিব আপোনাৰো। বিভিন্ন সময়ত পৰকীয়া প্ৰেমৰ ঘটনাই আমাৰ সমাজখনক কুলসিত কৰি তুলা দেখিবলৈ পোৱা যায়।

বোৱাৰী পলায়ন কৰা ঘটনা যেন আজিকালি নিত্য নৈমত্তিক ঘটনা হৈ পৰিছে। ক’ৰবাত যদি বোৱাৰী অন্য পুৰুষলৈ পলায়ন কৰিছে আন ক’ৰবাত আকৌ কোনো পুৰুষে পত্নী থাকোতেই চপাই লৈছে অন্য কোনো মহিলাক।

উত্তৰ প্ৰদেশৰ আজমগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী মহিলাই ৪ নম্বৰৰ স্বামীক এৰি পঞ্চম প্ৰেমিকলৈ পলায়ন কৰা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ৯ বছৰ একেলগে থকাৰ পিছত হঠাতে চতুর্থ স্বামীক এৰি নিৰুদ্দেশ হয় মহিলাগৰাকী। তিনি সন্তানৰ সৈতে চতুর্থ স্বামী থানাত উপস্থিত হৈ ন্যায়ৰ বাবে কাতৰ অনুৰোধ জনায় আৰক্ষীক। এই ঘটনা শুনি আৰক্ষীয়ো আচৰিত হৈ পৰে। স্বামীৰ অভিযোগ যে পত্নীয়ে পঞ্চম প্ৰেমিকৰ সৈতে পলায়ন কৰিছে। আহৰোলা থানা এলেকাৰ চকব্রাভানি গাঁৱৰ অনিল ৰাজভৰে নামৰ লোকজনে আগতে চণ্ডীগড়ত কাম কৰিছিল। কৰ্মৰ সৃত্ৰে চণ্ডীগড়ত ৰীনা নামৰ মহিলাগৰাকীক লগ পায়। তেওঁলোকৰ লগ পোৱাটো লাহে লাহে প্ৰেমলৈ পৰিণত হ’ল আৰু বিষয়টো আগবাঢ়ি গ’ল।

সচাঁই আচৰিত! এজন, দুজন নহয় পাঁচ নম্বৰ প্ৰেমিকলৈ পলায়ন এগৰাকী মহিলাৰ....

সচাঁই আচৰিত! এজন, দুজন নহয় পাঁচ নম্বৰ প্ৰেমিকলৈ পলায়ন এগৰাকী মহিলাৰ....

ভুক্তভোগী স্বামীৰ মতে, ৰীনাই তেওঁৰ লগত বিয়া হ’বলৈ সন্মত হয়। দুয়োজনে মন্দিৰত হিন্দু নীতি অনুসৰি বিয়া পাতিছিল। বিয়াৰ পিছত পত্নী ৰীনাৰ সৈতে অনিল ৰাজভৰ গাঁৱলৈ আহিছিল। তেওঁ কয় যে একেলগে থকা ৯ বছৰত ৰীনাৰ ৩টা সন্তানো হৈছিল। দুয়োৰে জীৱনটো ভালেই চলি আছিল। ঘৰুৱা বিবাদো নাছিল।

বিবাহৰ ৯ বছৰৰ পাছতো স্বামীয়ে সপোনতো এই কথা ভবা নাছিল। এতিয়া ভুক্তভোগী স্বামী অনিলে কয় যে তেওঁৰ পত্নী ৰীনাই মানুহক প্ৰতাৰণা কৰি বিয়া পাতি তাৰপাছত কেইবছৰমান একেলগে থকাৰ পাছত পলাই যায়। স্বামীৰ মতে ৰীনাৰ ছলনাৰ বাবে বহু যুৱকৰ জীৱন ধ্বংস হৈছে। তেওঁৰ পত্নীয়ে আগতে ৩ বাৰ বিয়া পাতিছিল। তিনিওজন স্বামীক এৰি তেওঁ অনিল বাজভৰক প্ৰেমৰ জালত আৱদ্ধ কৰি চতুৰ্থবাৰৰ বাবে বিয়া পাতিলে। স্বামীয়ে কয় যে ৯ বছৰীয়া বিবাহ জীৱনৰ পিছত পত্নীয়ে পুনৰবাৰ পঞ্চম প্ৰেমিকৰ সৈতে পলায়ন কৰিছে।

সচাঁই আচৰিত! এজন, দুজন নহয় পাঁচ নম্বৰ প্ৰেমিকলৈ পলায়ন এগৰাকী মহিলাৰ....

আনহাতে, স্বামীয়ে জনোৱা মতে, পত্নীয়ে কাৰোবাৰ লগত সদায় ফোনত কথা পাতিছিল। এদিন সোধা-পোছা কৰাত পত্নীয়ে উত্তৰ ভালকৈ নিদিলে। ঘটনা সন্দৰ্ভত স্বামীয়ে আৰক্ষীক অৱগত কৰে। আনকি আৰক্ষীয়েও নিৰুদ্দেশ হোৱা পত্নীক বিচাৰি উলিয়াব পৰা নাই। পলায়নৰ পূৰ্বে পত্নীয়ে ঘৰতে পৰিচয় পত্ৰ এৰি থৈ গৈছে। পত্নীয়ে নতুন পৰিচয় পঢ়িবলৈ ওলাইছে বুলি সন্দেহ কৰিছে স্বামীয়ে। আগতেও তেওঁ নতুন পৰিচয় সৃষ্টি কৰি মানুহক প্ৰেমৰ জালত আবদ্ধ কৰিছে। নতুন পৰিচয় লৈ ৰীনাই গৰম প্ৰেমিকৰ সৈতে পলায়ন কৰিছে। বর্তমান এই বিষয়টো আৰক্ষীৰ বাবেও এক প্রহেলিকা হৈয়েই আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button