অপৰাধঅসমঅসম আৰক্ষী

পুতলা পিষ্টল দেখুৱাই ডকাইতি, পিছে আচল পিষ্টলৰ গুলী খাই বিচনা পালেগৈ অমৰ গোৱালা

শুকুৰবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অমৰক। পিছে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই দুৰ্ধৰ্ষ অমৰ গোৱালাক গুলীয়াবলৈ উদ্যত হয় আৰক্ষী।

ৰাজ্যত সক্ৰিয় ৰূপত অসম আৰক্ষী। বিগত ১২ ঘন্টাত অসমত সংঘটিত দুটাকৈ এনকাউণ্টাৰ। বিশ্বনাথৰ পিছতে এইবাৰ দিছপুৰ আৰক্ষীৰ এনকাউণ্টাৰ।

ইৰাণী গ্ৰুপৰ সদস্যলৈ লক্ষ্য কৰি দিছপুৰ আৰক্ষীৰ গুলী। আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত অমৰ গোৱালা। শুকুৰবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অমৰক। পিছে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই দুৰ্ধৰ্ষ অমৰ গোৱালাক গুলীয়াবলৈ উদ্যত হয় আৰক্ষী। ভৰিত গুলীবিদ্ধ হৈ আঘাতপ্ৰাপ্ত অমৰ গোৱালা বৰ্তমান চিকিৎসাধীন হৈ আছে GMCHত।

উল্লেখ্য যে, পৌৰ নিগমৰ ধন লুটৰ ঘটনাত জড়িত আছিল অমৰ। ধন লুটাৰ বাবে ঝাৰখণ্ডৰ পৰা আহিছিল চাৰি জনীয়া এটা ডকাইতৰ দল। দুখন বাইকত অহা চাৰিজনীয়া যুৱকৰ দলটোৱে পুতলা পিষ্টল দেখুৱাই লুটি নিছিল ৩লাখ ৩৫ হাজাৰ টকা। শুকুৰবাৰে,  ধৃত অমৰ গোৱালাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও পলাতক তিনিজনক বিচাৰি এতিয়াও অব্যাহত ৰাখিছে অভিযান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.