Covid-19

ভাৰত পালেহি OMICRON, ভাৰতত দুজন ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ভিডৰ নতুন প্ৰজাতি OMICRON

কৰ্ণাটকৰ দুগৰাকী ৰোগীৰ দেহত ধৰা পৰিছে OMICRON। দেহত OMICRON পোৱা ব্যক্তি দুজনৰ বয়স ক্ৰমে ৬৬ আৰু ৪৬ বছৰ

ভাৰত পালেহি OMICRON। ভাৰতত ধৰা পৰিছে ক’ভিড-১৯ৰ নতুন প্ৰজাতি OMICRON। বিদেশৰ পৰা অহা দুগৰাকী যাত্ৰীৰ দেহত ধৰা পৰিছে এই ভাইৰাছ।

বৃহস্পতিবাৰে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ঘোষণা কৰে এই কথা। কৰ্ণাটকৰ দুগৰাকী ৰোগীৰ দেহত ধৰা পৰিছে OMICRON। দেহত OMICRON পোৱা ব্যক্তি দুজনৰ বয়স ক্ৰমে ৬৬ আৰু ৪৬ বছৰ। ইতিমধ্যে, দুয়োজন ব্যক্তিকে চিকিৎসালয়ত চিকিৎসা কৰাই থকা হৈছে।

এই ভাইৰাছৰ বাবে শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই যদিও সতৰ্ক হোৱাটো একান্তই প্ৰয়োজনীয় বুলি উল্লেখ স্বাস্থ্য মন্ত্ৰণালয়ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.