সলনি হ’ল ফেচবুকৰ নাম, এতিয়াৰে পৰা ‘Meta’ হ’ল ফেচবুক…
মেটাভাৰ্চ আজি হঠাতে চৰ্চালৈ আহিলেও এয়া হৈছে এটা অতি পুৰণি শব্দ। ১৯৯২ চনত নীল ষ্টিফেনছনে তেওঁৰ ডায়ষ্টোপিয়ান উপন্যাস "স্নো ক্ৰেছ"ত মেটাভাৰ্চৰ কথা উল্লেখ কৰিছিল। ষ্টিফেনছনৰ উপন্যাসত, মেটাভাৰ্চে এনে এক পৃথিৱী বুজাইছিল য'ত মানুহে হেডফোন আৰু ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে গেমত ডিজিটেল পৃথিৱীৰ সৈতে গেজেটৰ সৈতে সংযোগ স্থাপন কৰে। মেটাভাৰ্চক ইতিমধ্যে গেমিঙৰ বাবেও ব্যৱহাৰ কৰা হৈছে।
সলনি হ’ল ফেচবুক কোম্পানীৰ নাম। বৃহস্পতিবাৰে, ফেচবুকৰ CEO মাৰ্ক জুকাৰবাৰ্গে ঘোষণা কৰিলে এই কথা। এতিয়াৰে পৰা Meta নামেৰে জনা যাব ফেচবুকক।
জুকাৰবাৰ্গে কয় যে, ফেচবুকৰ এই পুনৰ নামকৰণ অথবা ৰিব্ৰেণ্ডিঙে ডিজিটেল পৃথিৱী মেটাভাৰ্চ(Metaverse)ৰ বিকাশ কৰিব। তেখেতে কয় যে, আমি এটা বন্ধ প্লেটফৰ্মত সামাজিক সমস্যা আৰু সংঘাতৰ সন্মুখীন হৈ যথেষ্ট কথা শিকিব পাৰিছো। এই সকলোবোৰৰ পৰা আমি যি শিকিলো সেয়া আমাৰ পৰৱৰ্তী অধ্যায় গঢ়ি তোলাত সহায়ক হ’ব। ইয়াৰ লগতে জুকাৰবাৰ্গে কয় যে, আমাৰ অভিযান একেই থাকিব। নাম সলনি হ’লেও আমাৰ এপ আৰু ব্ৰেণ্ডৰ নাম একেই থাকিব।
২০০৪ চনত মুকলি হোৱাৰ পাছত ফেচবুকে ছ’চিয়েল মিডিয়া এপ ইনষ্টাগ্ৰাম, হোৱাটছএপ, মেছেনজাৰ ক্ৰয় কৰি লয়। ইয়াৰোপৰি, অন্য প্ৰযুক্তি-ডিজিটেল ৱালেট নভি, ভিডিঅ’ কলিং ডিভাইচ আৰু ভাৰ্ছুৱেল ৰিয়েলিটী চিষ্টেম অকোলাচৰ সৈতেও সংযুক্ত হৈ আছে ফেচবুক। ফেচবুকৰ নাম সলনি হ’লেও অৱশ্যে সলনি নহয় ইনষ্টাগ্ৰাম, হোৱাটছএপ, মেছেনজাৰৰ নাম।
পিছে বৰ্তমান সমগ্ৰ বিশ্বজুৰি চৰ্চিত মেটাভাৰ্চ(Metaverse) আচলতে কি হয়?
মেটাভাৰ্চ হৈছে এখন ভাৰ্ছুৱেল পৃথিৱী। মাৰ্ক জুকাৰবাৰ্গৰ মতে, মেটাভাৰ্চ হৈছে এনে এখন ঠাই, য’ত সকলোৱে কথা-বতৰা পতা, ভাৱ বিনিময় কৰাৰ লগতে যিকোনা সৃষ্টিমূলক কাম কৰিব পাৰিব। এই মেটাভাৰ্চৰ জৰিয়তে পৰৱৰ্তী দশকত বিলিয়ন লোকৰ সৈতে সংযুক্ত হোৱাৰ আশা কৰা হৈছে। লগতে এই ৰিব্ৰেণ্ডিঙৰ জৰিয়তে অদূৰ ভৱিষ্যতে যিকোনো সময়তে আমাৰ বাবে লাভজনক হ’ব বুলি মন্তব্য কৰে জুকাৰবাৰ্গে। উল্লেখ্য যে, এই মেটাভাৰ্চ হৈছে ম’বাইল ইন্টাৰনেটৰ উত্তৰাধিকাৰী।
The metaverse is the next evolution of social connection. It's a collective project that will be created by people all over the world, and open to everyone. You’ll be able to socialize, learn, collaborate and play in ways that go beyond what’s possible today. pic.twitter.com/655yFRm8yZ
— Meta (@Meta) October 28, 2021
মেটাভাৰ্চ আজি হঠাতে চৰ্চালৈ আহিলেও এয়া হৈছে এটা অতি পুৰণি শব্দ। ১৯৯২ চনত নীল ষ্টিফেনছনে তেওঁৰ ডায়ষ্টোপিয়ান উপন্যাস “স্নো ক্ৰেছ”ত মেটাভাৰ্চৰ কথা উল্লেখ কৰিছিল। ষ্টিফেনছনৰ উপন্যাসত, মেটাভাৰ্চে এনে এক পৃথিৱী বুজাইছিল য’ত মানুহে হেডফোন আৰু ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে গেমত ডিজিটেল পৃথিৱীৰ সৈতে গেজেটৰ সৈতে সংযোগ স্থাপন কৰে। মেটাভাৰ্চক ইতিমধ্যে গেমিঙৰ বাবেও ব্যৱহাৰ কৰা হৈছে।
সহজ ভাষাত ক’বলৈ গ’লে, মেটাভাৰ্চ হৈছে ইণ্টাৰনেটৰ এক নতুন পৃথিৱী য’ত লোকসকল শাৰীৰিকভাৱে উপস্থিত নাথাকিলেও ভাৰ্ছুৱেলী উপস্থিত থাকিব পাৰিব। অৱশ্যে, এই মেটাভাৰ্চ সম্পূৰ্ণ হ’বলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব।





