আন্তঃৰাষ্ট্ৰীয়খেলজীৱনশৈলীভাৰত

স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাৰ জীৱনলৈ এসময়ত আহিছিল এনেকুৱা এটা দিন

জেভলীনত সোণৰ পদক লাভ কৰা নীৰজে টকিঅ’ অলিম্পিকত নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰিলে

অলিম্পিকত ইতিহাস সৃষ্টি কৰি নীৰজ চোপ্ৰাই ভাৰতক দিলে সোণৰ পদক। ১৯৯৭ চনৰ ২৪ ডিচেম্বৰত জন্মগ্ৰহণ কৰা নীৰজ ভাৰতীয় সেনা বাহিনীৰ বিষয়া। জেভলীনত সোণৰ পদক লাভ কৰা নীৰজে টকিঅ’ অলিম্পিকত নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰিলে।

উল্লেখযোগ্য যে, ২০১৮ ৰ এছিয়ান গেমছত নীৰজে ৮৮.০৬ মিটাৰ দূৰত্ব জেভলীন থ্ৰ’ কৰি সোণৰ পদক লাভ কৰিছিল। হাৰিয়ানাৰ পানীপথ জিলাৰ খান্দাৰা গাঁৱত জন্মগ্ৰহণ কৰা নীৰজে চণ্ডীগড়ৰ ডি এ ডি কলেজত অধ্যয়ন কৰিছিল।

২০১৬ ৰ ছাউথ এছিয়ান গেমছতো নীৰজে সোণৰ পদক দখল কৰিছিল। ২২ বছৰীয়া নীৰজ চোপ্ৰাই ২০১৩ত ৱৰ্ল্ড য়ুথ চেম্পিয়নশ্বিপত ১৯ নম্বৰ স্থানহে অধিকাৰ কৰিছিল। কঠোৰ সাধনা আৰু পৰিশ্ৰমেৰে নীৰজ চোপ্ৰাই নিজকে অলিম্পিকলৈ সাজু কৰি তুলিছিল।

ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত অঞ্জু ববী জৰ্জৰ পাছত কোনো বিশ্বস্তৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰা নীৰজ দ্বিতীয়গৰাকী ভাৰতীয়। অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা নীৰজৰ খেলৰ সামগ্ৰী ক্ৰয় কৰিলৈও এসময়ত ধনৰ অভাৱ হৈছিল।

টকিঅ’ অলিম্পকত নীৰজে প্ৰথম প্ৰচেষ্টাতে জেভলীনৰ ফাইনেলত প্ৰৱেশ কৰি পদক লাভৰ দাবীদাৰ হৈ পৰিছিল। ইয়াৰ পাছত ৭ আগষ্ট, শনিবাৰে নীৰজে ফাইনেল খেলখনত প্ৰথম প্ৰচেষ্টাত ৮৭.০৩ মিটাৰ জেভনীল থ্ৰ’ কৰাৰ পাছত দ্বিতীয় আৰু তৃতীয় প্ৰচেষ্টাত ৮৭.৫৮ আৰু ৭৬.৭৯ মিটাৰ জেভলীন থ্ৰ’ কৰিবলৈ সক্ষম হয়।

ইয়াৰ লগে লগে তেওঁ অলিম্পিকত নিজৰ স্বৰ্ণ পদক নিশ্চিত কৰে। উল্লেখ্য যে অলিম্পিকত ব্যক্তিগত ইভেণ্টত স্বৰ্ণ পদক লাভ কৰা নীৰজ দেশৰ দ্বিতীয়জন খেলুৱৈ। ইয়াৰ পূৰ্বে অভিনৱ বিন্দ্ৰাই বেইজিং অলিম্পিকত স্বৰ্ণ জয় কৰিছিল।

সমান্তৰালভাৱে নীৰজ চোপ্ৰালৈ হাৰিয়ান চৰকাৰে ঘোষণা কৰিছে ৬ কোটি টকাৰ পুৰস্কাৰ আৰু গ্ৰেড-১ৰ চাকৰি।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.