মনোৰঞ্জন

অসমলৈ আহিছে জনপ্ৰিয় বলিউড তাৰকা হৃত্বিক ৰোশন, ১০ দিনকৈ থাকিব অসমত  

অভিনেত্ৰী দীপিকা পাডুকন আৰু অনিল কাপুৰো আহিব অসমলৈ

অসমলৈ আগমন ঘটিছে এজনৰ পিছত আনজন বলিউড তাৰকাৰ। কিছুদিন পূৰ্বে কংগনা ৰাণাৱটে ছবিৰ কাম সামৰি ওভতি যোৱাৰ পিছতে এইবাৰ অসমলৈ আহিছে বলিউডৰ জনপ্ৰিয় অভিনেতা হৃত্বিক ৰোশন। আগন্তুক এখন নতুন বলিউড ছবিৰ চিত্ৰগ্ৰহণৰ বাবে অসমলৈ আহিছে অভিনেতাগৰাকী। ছবিৰ শ্বুটিঙৰ বাবে তেজপুৰলৈ আহিছে অভিনেতাগৰাকী। ১০ দিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত থাকিব দলটো। তেজপুৰৰ সমীপৰ বিমান ঘাটীত চলিব শ্বুটিং।তেজপুৰ বায়ুসেনাৰ ঘাটিত বলিউডৰ তাৰকা অভিনেতা ঋত্বিক ৰোশন নিজৰ চাৰটাৰ বিমান যোগে উপস্থিতি হৈছে ফাইটাৰৰ দৃশ্য গ্ৰহণৰ বাবে। বৰ্তমান বন্ধ কৰিছে সাংবাদিকৰ প্ৰবেশ।

Hrithik Roshan, Deepika Padukone collaborate for new movie 'Fighter' |  Deccan Herald

উল্লেখ্য যে, চিত্ৰগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা স্থানত অৰ্থাৎ অসমৰ তেজপুৰৰ বায়ুসেনা ঘাটীত অভিনেত্ৰী দীপিকা পাডুকন আৰু অনিল কাপুৰে আহি পোনে পোনে তেওঁলোকক যোগদান কৰিব। হৃত্বিক ৰোশনৰ আগন্তুক ছবি ‘ফাইটাৰ’ত সহ-অভিনেত্ৰী দীপিকা পাডুকনৰ সৈতে ৰূপালী পৰ্দাত দ্খা যাব। হৃত্বিক আৰু দীপিকা পাডুকনৰ যুটিক একেলগে ৰূপালী পৰ্দাত চাবলৈ দৰ্শকে অধীৰ আগ্ৰহেৰে বাট চাই আছে।

অসমলৈ আহিছে জনপ্ৰিয় বলিউড তাৰকা হৃত্বিক ৰোশন, ১০ দিনকৈ থাকিব অসমত  

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + thirteen =

Back to top button