Educationভাৰত

“Aakhir wo din aa hi gaya”!ৰিজাল্ট সন্দৰ্ভত টুইটাৰত CBSEয়ে শ্বেয়াৰ কৰিলে খুহুটীয়া পোষ্ট

শুকুৰবাৰে পুৱা অসমত SEBAই মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সময়তে CBSEয়ে ঘোষণা কৰিলে হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল ঘোষণাৰ কথা।

আজি ঘোষণা কৰা হ’ব CBSEৰ পৰীক্ষাৰ ৰিজাল্ট। শুকুৰবাৰে পুৱা অসমত SEBAই মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সময়তে CBSEয়ে ঘোষণা কৰিলে হায়াৰ ছেকেণ্ডাৰীৰ ফলাফল ঘোষণাৰ কথা।

টুইটাৰৰ জৰিয়তে CBSEয়ে ঘোষণা কৰে আজি দিনৰ ২ বজাত ফলাফল ঘোষণাৰ কথা। ব’ৰ্ডে টুইটাৰত শ্বেয়াৰ কৰে ‘Dilwale Dulhania Le Jayenge’ৰ ফটো সম্বলিত এটা পোষ্ট, য’ত লিখা আছে-“Aakhir wo din aa hi gaya”, অৰ্থাৎ “অৱশেষত সেই দিনটো আহি পালে”।

CBSEয়ে দশম শ্ৰেণী আৰু হায়াৰ ছেকেণ্ডাৰীৰ শিক্ষাৰ্থীসকলৰ ৰোল আৰু নম্বৰ মুকলি কৰাৰ পাছতে টুইটযোগে ঘোষণা কৰিলে আজি দিনৰ ২ বজাত CBSCৰ পৰীক্ষা ফলাফলৰ কথা। অৱশ্য়ে, টুইটাৰত CBSE HQৰ এই টুইট শ্বেয়াৰ কৰাৰ পাছতে এতিয়া উৎকন্ঠা বিৰাজ কৰিছে পৰীক্ষাৰ্থীসকলৰ মাজত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.