Assamঅসমবিশ্বভাৰত

ইতিহাসৰ পৃষ্ঠাত ১৪ জুন: আজিৰ দিনটো কিয় বিশেষ ? জানি লওক বিশ্বক আলোড়িত কৰা ঘটনাসমূহ

ইতিহাসৰ পাতত স্মৰণীয় ঘটনাৰ বাবে জিলিকি ৰৈছে আজিৰ দিনটো

আজি ১৪ জুন, দেওবাৰ। ইতিহাসৰ পাতত স্মৰণীয় ঘটনাৰ বাবে জিলিকি ৰৈছে এই বিশেষ দিনটো। আজিৰ দিনটোৰ কেইটিমান বিশেষ ঘটনা, যিয়ে দৃষ্টি কাঢ়িছিল সমগ্ৰ বিশ্ববাসীৰ।

বিশ্ব ৰক্তদাতা দিৱস( World Blood Donor Day)

তেজদানৰ মহত্ব আৰু ইয়াৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে সজাগতা সৃষ্টিৰ লগতে আনৰ জীৱন ৰক্ষাৰ বাবে ৰক্তদান কৰা সকলক উৎসাহ আৰু স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্য বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত ২০০৪ চনৰ পৰা প্ৰতি বছৰে ১৪ জুনৰ দিনটো  বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়।
উভতি চাওঁ ইতিহাসত আজিৰ দিনটো…

বেকহামলৈ অৰ্ডাৰ অব ব্ৰিটিছ এম্পায়াৰ সন্মান

২০০৩ চনৰ ১৪ জুনত প্ৰসিদ্ধ ইংৰাজ ফুটবলাৰ ডেভিদ বেকহামক দ্বিতীয় ৰাণী এলিজাবেথে অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ (OBE) বঁটা প্ৰদান কৰে। ফুটবলক জনপ্ৰিয় কৰি তোলাত তেওঁৰ অৱদান আৰু ইংলেণ্ডৰ অধিনায়ক হিচাপে তেওঁৰ ভূমিকাৰ স্বীকৃতি স্বৰূপে এই সন্মান আগবঢ়োৱা হয়।

মহাকাশলৈ প্ৰথম স্তন্যপায়ী

১৯৪৯ চনৰ ১৪ জুনত মহাকাশলৈ মানুহ প্ৰেৰণৰ পূৰ্বে পৰীক্ষা মূলক ভাবে ‘এলবাৰ্ট ২’ নামৰ এটি বান্দৰ মহাকাশৰ ১৩৪ কিলোমিটাৰ উচ্চতালৈ প্ৰেৰণ কৰা হৈছিল। পৃথিৱীলৈ উভতি অহাৰ সময়ত পেৰাচুট বিকল হৈ দুৰ্ভাগ্যজনক ভখৱে মহাকাশলৈ যোৱা প্ৰথম স্তন্যপায়ী প্ৰাণী ‘এলবাৰ্ট ২’ ৰ মৃত্যু হয়।

আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰীয় পতাকাৰ অনুমোদন

১৭৭৭ চনৰ ১৪ জুনত কন্টিনেণ্টেল কংগ্ৰেছে তেৰডাল ৰঙা আৰু বগা ৰেখা আৰু নীলা ৰঙৰ ওপৰত তেৰটা বগা তৰাৰ সংযোগ কৰা পতাকাখন আমেৰিকাৰ প্ৰথম জাতীয় পতাকা হিচাপে অনুমোদন জনায়।

ফকলেণ্ডছ যুদ্ধৰ অন্ত

১৯৮২ চনৰ ১৪ জুনত আৰ্জেণ্টিনাই গ্ৰেট ব্ৰিটেইনৰ ওচৰত আত্মসমৰ্পণ কৰাৰ লগে লগে ফকলেণ্ড যুদ্ধৰ অন্ত পৰে। ৭৪ দিনৰ যুদ্ধৰ অন্তত ব্ৰিটিছ সৈন্যই ৰাজধানী ষ্টেনলি দখল কৰাৰ পিছত এই দ্বীপসমূহত পুনৰ বৃটিছৰ  নিয়ন্ত্ৰণ প্ৰতিষ্ঠা হয়।

ইউৰোপীয় মহাকাশ গৱেষণা সংস্থা গঠন

১৯৬২ চনৰ ১৪ জুনত পেৰিছত ইউৰোপীয় মহাকাশ সংস্থাৰ পূৰ্বসূৰী হিচাপে জনাজাত ইউৰোপীয় মহাকাশ গৱেষণা সংস্থা (ESRO) স্থাপনৰ চুক্তি স্বাক্ষৰিত হৈছিল। ১৯৭৫ চনত এই সহযোগিতাৰ ভেটিত ইউৰোপীয় মহাকাশ সংস্থা গঠন কৰা হয়।

কাৰ্যক্ষম হ’ল নিউক্লিয় ৰিয়েক্টৰ ছুপাৰহেমিক্স

১৯২৬ চনৰ ১৪ জুনত ছুপাৰহেমিক্স নামৰ বিশ্বৰ বৃহত্তম দ্ৰুত ব্ৰিডাৰ নিউক্লিয় ৰিয়েক্টৰৰ কাম আৰম্ভ হৈছিল।    অধিক ইন্ধন উৎপাদন কৰিব পৰাকৈ ডিজাইন কৰা তামিলনাডুৰ কল্পক্কামত অৱস্থিত এই ৰিয়েক্টৰটো ভাৰতৰ পাৰমাণৱিক প্ৰযুক্তিৰ এক উল্লেখযোগ্য সাফল্য হিচাপে চিহ্নিত হয়।

জন্ম আৰু মৃত্যু:

ছে গুৱেভাৰাৰ জন্মদিন

১৯২৮ চনৰ ১৪ জুনত আৰ্জেণ্টিনাৰ চান্টা ফে ৰজাৰিয়াত জন্ম হৈছিল কিউবা বিপ্লৱৰ প্ৰধান নেতা, আৰ্জেণ্টিনাৰ মাৰ্ক্সবাদী বিপ্লৱী, লেখক,  কূটনীতিবিদ আৰু গেৰিলা নেতাজনৰ।  প্ৰকৃত নাম আৰ্নেষ্টো গুৱেভেৰা।

ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ জন্মদিন

১৯৪৬ চনৰ ১৪ জুনত নিউয়ৰ্কৰ কুইন্সত জন্ম হৈছিল দুবাৰকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসন অধিকাৰ কৰা বৰ্তমানৰ ৰাষ্ট্ৰপতি, প্ৰভাৱশালী ৰাজনীতিবিদ আৰু ব্যৱসায়ীজনৰ।

মোজাম্মিল হকৰ জন্মদিন

১৯৫৭ চনৰ ১৪ জুনত দৰং জিলাৰ মঙলদৈত জন্ম হৈছিল ১৯৭২ চনৰ অসমৰ মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ গৰাকীৰ।

ষ্টেফী গ্ৰাফৰ জন্মদিন

১৯৬৯ চনৰ ১৪ জুনত পশ্চিম জাৰ্মানীৰ মানহাইমত জন্ম হৈছিল দীৰ্ঘ কাল বিশ্বৰ শীৰ্ষ স্থান দখল কৰা, চাৰিবাৰ কেৰিয়াৰ গ্ৰেণ্ডশ্লেম তথা একেটা বছৰতে চাৰিটা গ্ৰেণ্ডশ্লেম আৰু অলিম্পিক স্বৰ্ণপদক জয় কৰা ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ মহিলা টেনিছ খেলুৱৈগৰাকীগৰাকীৰ।
সম্পূৰ্ণ নাম ষ্টেফানী মাৰিয়া গ্ৰাফ।

জন ল’গি বেয়াৰ্ডৰ মৃত্যু

১৯৪৬ চনৰ ১৪ জুনত ৫৭ বছৰ বয়সত ইংলেণ্ডৰ ছাচেক্সৰ বেক্সহিলত মৃত্যু হৈছিল টেলিভিছন আৰু ৰঙীন টেলিভিছন পিকচাৰ টিউবৰ উদ্ভাৱক হিচাপে পৰিচিত স্কটিছ বিজ্ঞানী আৰু উদ্ভাৱকজনৰ।
14 June, 1946 – John Logie Baird,

ইভা আচাওৰ মৃত্যু

১৯৮৮ চনৰ ১৪ জুনত ৪৮ বছৰ বয়সত মৃত্যু হৈছিল প্ৰতিধ্বনি, এৰা বাটৰ সুৰ, শকুন্তলা, মণিৰাম দেৱান আদি চলচ্চিত্ৰত অভিনয়ৰ বাবে জনাজাত মঞ্চ, চলচ্চিত্ৰ আৰু অনাতাঁৰ মাধ্যমৰ যশস্বী অভিনেত্ৰী গৰাকীৰ।

সুপ্ৰভা দেৱীৰ মৃত্যু

২০১১ চনৰ ১৪ জুনত ৭৩ বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল নয়নমণি আৰু  সৰবজান চলচ্চিত্ৰ পৰিচালনা কৰা অসমৰ প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ পৰিচালিকাৰ ।

সুশান্ত সিং ৰাজপুতৰ মৃত্যু

২০২০ চনৰ ১৪ জুন বয়স ৩৪ বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল কাই প’ চে, ডিটেক্টিভ ব্যোমকেশ বক্সি, এম এছ ধোনি দ্য আনট’ল্ড ষ্টৰী, কেদাৰনাথ আদি চলচ্চিত্ৰৰ অভিনয়ৰ বাবে  জনাজাত বলিউডৰ জনপ্ৰিয় অভিনেতা জনৰ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.