Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

এটা ৪০ মিনিটৰ ভয়ংকৰ ঘটনা…

এই ঘটনা গুৱাহাটীৰ গণেশপাৰাৰ... ৩ ঘণ্টাৰ চিনেমাৰ পৰিসমাপ্তি ৪০ মিনিটত...

ফিল্মী ষ্টাইলেৰে ভয়াৱহ ডকাইতি। এইটো এনে এক ডকাইতিৰ ঘটনা, যি কোনো চিনেমাৰ দৃশ্যতকৈ কম নহয়। মহানগৰৰ গণেশপাৰাত স্নেহাশ্ৰয় নামৰ এটা অট্টালিকাৰ ফ্লেটত বাস কৰা ব্যৱসায়ী অনিল ডেকাৰ ঘৰত ৰাতিৰ সময়ত ঘৰত মালিক উপস্থিত নথকাৰ সুবিধা লৈ ৪ ডকাইতে প্ৰৱেশ কৰি ৪০ মিনিটতে গোটেই ঘৰ লুটপাত কৰিলে। কিন্তু এইয়া কেৱল লুন্ঠন নাছিল এইয়া আছিল সন্ত্ৰাস। ঘৰত উপস্থিত আছিল ব্যৱসায়ীৰ পত্নী আৰু চালক। ভয় দেখুওৱা হ’ল,ভাবুকি দিয়া হ’ল,আৰু বাধা দিয়াত আক্ৰমণো কৰা হ’ল। চাৰিও ডকাইত সম্পূৰ্ণ প্ৰস্তুতিৰে আহিছিল। আটাইতকৈ আচৰ্যজনক কথাটো হ’ল এই গোটেই ঘটনাটোৰ  প্ৰতিটো কাৰ্যকলাপ, প্ৰতিটো পদক্ষেপ। প্ৰতিটো ভয়ংকৰ মুহূৰ্ত কেমেৰাত ৰেকৰ্ড হৈছে।ভিডিঅ’টো চাই গাৰ নোম শিয়ঁৰি উঠে। মহানগৰবাসী এতিয়া সুৰক্ষিতনে? স্মাৰ্ট আৰক্ষীৰ ইমান কটকটীয়া তৎপৰতাৰ পাছতো কেনেকৈ অস্ত্ৰধাৰী দুৰ্বৃত্তই কৰিব পাৰিলে এই ঘটনা। কোন জড়িত আছে এই ঘটনাত?

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.