নিৰ্বাচনবিধানসভাবিহাৰৰাজনৈতিক

বিহাৰত পৰিয়াল কেন্দ্ৰীক ৰাজনীতি

পাৰিবাৰিক কোটাত দিছে মন্ত্ৰীত্বৰ পদ

NDAত ‘পৰিয়ালতান্ত্ৰিক ৰাজনীতি’ৰ কদৰ। বিহাৰত ২৬ জন মন্ত্ৰীৰ ১০জনেই পৰিয়ালতন্ত্ৰৰ ফচল। দীপক প্ৰকাশ নামটো বৃহস্পতিবাৰৰ আগলৈকে বিহাৰৰ সাধাৰণ জনতাটো বাদেই, বহু ৰাজনীতিকেই শুনা নাছিল ৷ নজনাৰ কথাই…. কাৰণ দীপক প্রকাশ কিছুদিন আগলৈকে আছিল বিদেশত। বিহাৰৰ ৰাজনীতিৰে দীপক প্রকাশৰ নাছিল কোনো সম্পৰ্ক ৷
দীপক প্ৰকাশ কাহানিও ভোটযুদ্ধত অৱতীৰ্ণ হোৱা নাই। দীপক প্ৰকাশ নাছিল কোনো ৰাজনৈতিক দলৰ সদস্যও
অথচ, তেওঁ এতিয়া নীতিশ কুমাৰৰ মন্ত্ৰীসভাৰ সদস্য৷ তেওঁৰ যোগ্যতা এটাই যে দীপক প্রকাশ প্রাক্তন কেন্দ্রীয় মন্ত্রীৰ পুত্ৰ। পিতৃ বর্তমানৰ ৰাজ্যসভাৰ সাংসদ তথা বিহাৰ বিধানসভাৰ প্রাক্তন বিৰোধী দলপতি উপেন্দ্র কুশোৱাৰাহাৰ পুত্ৰ ৷ মাতৃও  এবাৰৰ বিধায়িকা ৷ এনডিএৰ সহযোগী ৰাষ্ট্রীয় লোক মর্চাৰ কোটাত মন্ত্ৰী হৈ গ’ল দীপক৷

মাথোঁ দীপকেই নে? নীতিশ কুমাৰ মন্ত্ৰীসভাৰ ২৬ সদস্যৰ ভিতৰত ১০ জনেই পৰিয়ালতন্ত্ৰৰ কোটাত হোৱা মন্ত্ৰী !
অন্য মন্ত্রীসকলৰ ভিতৰত- উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰী শকুনি চৌধুৰীৰ পুত্ৰ।
এসময়ত মন্ত্রী আছিল শকুনি চৌধুৰী। মাকো আছিল বিধায়িকা ৷
মন্ত্ৰীসভাত কেন্দ্রীয় মন্ত্রী জিতন ৰাম মাঝিৰ পুত্ৰও আছে। জিতন ৰাম মাঝিৰ পুত্ৰ সন্তোষ সুমনেও স্থান পাইছে পৰিয়ালতন্ত্ৰৰ কোটাত । তেওঁৰ মাকো আছিল বিধায়িকা। প্রাক্তন কেন্দ্রীয় মন্ত্রী দিগ্বিজয় সিঙৰ কন্যাও আছে মন্ত্ৰীসভাত। বিজেপি নেতা9+ তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী দিগ্বিজয় সিঙৰ কন্যা শ্ৰেয়সী সিং এগৰাকী ভাৰতীয় শ্বুটাৰ৷ শ্ৰেয়সীৰ উপৰি ৰমা নিছাদ, বিজয় চৌধুৰী, অশোক চৌধুৰী, নীতিন নবীন, সুনীল কুমাৰ, লেছি সিঙৰ প্ৰতিজনৰে পৰিয়ালৰ কোনোবা নহয় কোনোবা ৰাজনীতিৰে যুক্ত৷ নীতিশ কুমাৰ লালু প্রসাদ যাদবৰ পৰিয়ালতন্ত্ৰৰ তীব্ৰ সমালোচক৷ নৰেন্দ্র মোদীয়ে সদায়েই কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ সমালোচনা কৰি আহিছে৷ অথচ বিহাৰৰ মন্ত্ৰীসভাত ৪০ শতাংশৰো বেছি সদস্যই ৰাজনীতিকৰ পৰিয়ালৰ ৷ অৱশ্যে বিজেপি বা NDAত আছে এনে অলেখ উদাহৰণ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.