অসমৰাজনৈতিকশিল্পীসংগীতসংস্কৃতিসাহিত্য

তোষামোদকাৰীৰ পৰা তথ্য লওতে মুখ্যমন্ত্ৰীক যেন সাৱধান হ’বলৈ ক’লে ৰীতা চৌধুৰীয়ে

জুবিন ক্ষেত্ৰত প্ৰৱেশৰ সময় সীমাক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক পুনৰ বিবেচনাৰ বাবে আহ্বান জনাইছে

ৰাজ্য চৰকাৰৰ শেহতীয়া নিৰ্দেশনা অনুসৰি পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈহে অনুৰাগীসকলে প্ৰৱেশ কৰিব পাৰিব জুবিন ক্ষেত্ৰৰ চৌহদত । ইয়াৰ পিছতেই সৰৱ হৈ পৰিছে বিশিষ্ট সাহিত্যিকগৰাকী।

এই নিৰ্দেশনা অনুসৰি পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ খোলা থাকিব জুবিন ক্ষেত্ৰ । কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা এই কঠোৰ এছ অ’ পি অনুসৰি জুবিন ক্ষেত্ৰৰ আশে-পাশে মাদক দ্ৰব্য বিক্ৰী আৰু সেৱনত নিষেধাজ্ঞা জাৰি কৰা হৈছে । শুকুৰবাৰ অৰ্থাৎ ২৪ অক্টোবৰৰ পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰযোজ্য হৈছে এই নিয়ম । নিয়ম ভংগকাৰীৰ বিৰুদ্ধে প্ৰশাসনে ল’ব কঠোৰ ব্যৱস্থা । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই লৈ সংবাদমেলত একাংশ জুবিন অনুৰাগীয়ে সোণাপুৰৰ সমাধিক্ষেত্ৰত উশৃংখল পৰিস্থিত সৃষ্টি কৰি অহাৰ অভিযোগ তুলি সকীয়নিও প্ৰদান কৰিছিল ৷ ইয়াৰ পিছতেই সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত বিশিষ্ট লেখিকা ড৹ ৰীতা চৌধুৰীয়ে জুবিন ক্ষেত্ৰৰ মুকলি থকা সময়ৰ নিৰ্দেশনাটোক লৈ মন্তব্য কৰিছে ‘মাননীয় মুখ্যমন্ত্ৰী মহোদয়’ বুলি সম্বোধন কৰি ৰীতা চৌধুৰীয়ে প্ৰথমেই লিখিছে,”তোষামোদকাৰীয়ে প্ৰকৃত ছবিখন তুলি ধৰিব নোৱাৰিবও পাৰে ।” ৰীতা চৌধুৰীয়ে শংকা প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰীক হয়তো প্ৰকৃত ছবিখন দিয়াত ভুলো হ’ব পাৰে । এককথাত কাষত থকা তোষামোদকাৰীৰ পৰা তথ্য লওতে মুখ্যমন্ত্ৰীক সাৱধান হ’বলৈহে যেন ক’লে ৰীতা চৌধুৰীয়ে ।

বিশিষ্ট লেখিকাগৰাকীয়ে লিখিছে, “কেতিয়াবা আপোনাক পৰিবেষ্টিত কৰি ৰখা আপোনাৰ শুভাকাংক্ষীসকলে, সাধাৰণতে যিসকলৰ বেছিভাগেই তোষামোদকাৰী, তেওঁলোকে পৰিস্থিতিৰ যথাযথ ছবিখন অনুধাৱন কৰিব নোৱাৰি, প্ৰকৃত ছবিখন তুলি ধৰিব নোৱাৰিবও পাৰে ৷ সিদ্ধান্তবোৰ লওঁতে সেয়েহে ভুল হোৱাৰ সম্ভাৱনা থাকে ৷”

ৰীতা চৌধুৰীয়ে সকলো শ্ৰেণীৰ লোকৰ হৈ মুখ্যমন্ত্ৰীক জনাব খুজি পত্ৰত লিখিছে, “জুবিনক ভাল পোৱা সকলোৱে জুবিন ক্ষেত্ৰলৈ দিনত আহিবলৈ সময় নাপাবও পাৰে ৷ দিন হাজিৰা কৰাৰ পৰা জীৱিকাৰ বিভিন্ন ক্ষেত্ৰত ব্যস্ত থাকে মানুহবোৰ ৷ সেয়েহে টোপনি আৰু জিৰণি বিসৰ্জন দি দূৰ-দূৰণিৰ পৰা আহে ৷ কিছুমানে বাৰে বাৰে আহে ৷ জুবিনৰ প্ৰতি তেওঁলোকৰ ভালপোৱাৰ জোখ লোৱা অসম্ভৱ ৷ অগণন মানুহে জুবিনক হঠাতে হেৰুৱাই যি মানসিক কষ্ট পাইছে, তাৰ পৰা আজিলৈকে ওলাব পৰা নাই (তাৰ ভিতৰত ময়ো আছোঁ)।”

জুবিন ক্ষেত্ৰত বাধা-আৰোপৰ ফলত আত্মহননৰ পৰা বিদ্ৰোহলৈ- যিকোনো ঘটনা ঘটিব পাৰে বুলি শংকা কৰি বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই ৰীতা চৌধুৰীয়ে কয়, “সমাজৰ অভিভাৱকসকলে মানুহৰ সেই কষ্টৰ উপশমৰ বাট বিচৰাৰহে সময় এয়া ৷ তাৰ সলনি ‘জুবিন ক্ষেত্ৰ’ত প্ৰৱেশৰ বাবে দিয়া বাধা-নিষেধে জুবিনক ভাল পোৱা ল’ৰা-ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব পাৰে ৷ আত্মহননৰ পৰা বিদ্ৰোহলৈ-যিকোনো ঘটনা ঘটিব পাৰে । “জনজাতিপ্ৰধান ৰাজ্যখনৰ বিভিন্ন পৰম্পৰাৰ কথাও আমি শ্ৰদ্ধাসহকাৰে লাগিব । একেদৰে আইন-শৃংখলা ৰক্ষাৰ দায়িত্বও প্ৰশাসনৰ আছে । মই এজন দায়িত্বশীল লেখক আৰু মাতৃ ৷ মাত মতাটো অতি জৰুৰী বুলি যেতিয়া ভাব হয় তেতিয়া মাত এষাৰ দিওঁ ৷ যি কওঁ সঠিক বুলি আৰু ময়ো কোৱাৰ প্ৰয়োজন আছে বুলি নিজে পতিয়ন যোৱা কথাহে কওঁ ৷ ঢৌত উটি, আনৰ নিৰ্দেশনা শুনি নকওঁ ৷ এই জটিল সময়ত সকলো ধৰণৰ ভয় ভাগি যোৱাকৈ বিষয়বোৰ আৰু বেছি জটিল কৰি নেপেলোৱাটোৱেই এই মুহূৰ্তত সঠিক সিদ্ধান্ত হ’ব বুলি ভাবোঁ ৷ আপুনি এজন পৰিপক্ক ৰাজনীতিক ৷ এবাৰ ভাবি চাব বুলি আশা কৰিলোঁ ।” এইদৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে জুবিন ক্ষেত্ৰত প্ৰৱেশৰ সময় সীমাক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক পুনৰ বিবেচনাৰ বাবে আহ্বান জনাইছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.